ETV Bharat / sukhibhava

Papaya Benefits: ৰাতিপুৱা খালী পেটত অমিতা খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেনে ?

author img

By

Published : Aug 10, 2023, 6:36 PM IST

অমিতাক পেটৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় সকলোৱে জানে, কিন্তু পুৱা খালী পেটত এই ফল সেৱন কৰিলে কি কি উপকাৰিতা হয় জানেনে । এই প্ৰতিবেদনৰ পৰা জানি লওক ৷

If you eat papaya on an empty stomach in the morning, all diseases and defects will go away, skin will glow
ৰাতিপুৱা খালী পেটত অমিতা খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেনে

অমিতা এবিধ সুস্বাদু ফল আৰু ই শৰীৰৰ বাবেও বহু উপকাৰিতা সাধন কৰে । যদি আমি কওঁ যে, ই স্বাস্থ্য উপকাৰিতাৰ ভঁৰাল তেন্তে হয়তো ভুল নহ’ব । অমিতাই ওজন হ্ৰাস কৰাত সহায় কৰে, অক্সিডেটিভ চাপ হ্ৰাস কৰে, ডায়েবেটিছত উপকাৰী, বয়স বৃদ্ধি ৰোধ কৰা আৰু ঘাঁ ভাল হোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয় । অমিতাত এন্টিঅক্সিডেন্ট, এনজাইম, ভিটামিন চি, ই আৰু এ, খাদ্য আঁহ, মেগনেছিয়াম আৰু পটাছিয়ামকে ধৰি বহুতো খনিজ পদাৰ্থ থাকে । কিন্তু আপুনি জানেনে যে খালী পেটত অমিতা খালে স্বাস্থ্যৰ পক্ষে অধিক উপকাৰিতা সাধন হয় । এই প্ৰতিবেদনত আমি আপোনালোকক অমিতাৰ কিছুমান আচৰিত স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ক’বলৈ ওলাইছো ।

খালী পেটত অমিতা খোৱাৰ ৭ উপকাৰিতা

১) হজম শক্তিত সহায় কৰে

অমিতাত পেপেইন নামৰ এনজাইম থাকে যিয়ে পাচন ক্ৰিয়াত সহায় কৰিব পাৰে । খালী পেটত অমিতা খোৱাটোৱে হজম প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাত সহায় কৰিব পাৰে, যাৰ ফলত আপোনাৰ শৰীৰে দিনটোৰ ভিতৰত খাদ্য প্ৰক্ৰিয়াকৰণ কৰাত সহজ হয় ।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে

অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি নামৰ এবিধ পুষ্টিকৰ উপাদান থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে । এই ভিটামিন চি সমৃদ্ধ ফলৰ সৈতে দিনটো আৰম্ভ কৰিলে আপোনাৰ শৰীৰক সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে । গতিকে ৰোগ আৰু সংক্ৰমণক দূৰত ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ।

৩) ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায়ক

অমিতা চেনি কম যদিও আঁহ বেছি থাকে, যাৰ বাবে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে ই এক উত্তম বিকল্প । খালী পেটত অমিতা খালে দিনটোৰ ভিতৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা সুস্থিৰ হৈ থাকে ।

৪) প্ৰদাহ হ্ৰাস কৰে

অমিতাত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী যৌগ থাকে যিয়ে শৰীৰৰ প্ৰদাহ কম কৰাত সহায় কৰে । খালী পেটত অমিতা খোৱাটোৱে প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগ প্ৰতিৰোধ কৰিব পাৰে ।

৫) ছালখন সুস্থ কৰি ৰাখে

অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে, যিটো সুস্থ ছালৰ বাবে অতি প্ৰয়োজনীয় । খালী পেটত অমিতা খালে ছালৰ স্বাস্থ্য উন্নত, ব্ৰণ কমোৱা আৰু অকাল বয়স বৃদ্ধি ৰোধ কৰাত সহায়ক হয় । ছালৰ উন্নত স্বাস্থ্যৰ বাবে খাদ্যত অন্যান্য পুষ্টিকৰ আৰু হাইড্ৰেটিং খাদ্য অন্তৰ্ভুক্ত কৰক ।

৬) ওজন কমাবলৈ উপকাৰী

অমিতা কেলৰি কম যদিও আঁহ বেছি, যাৰ বাবে ই ওজন হ্ৰাসৰ বাবে এক উত্তম ফল । খালী পেটত অমিতা খোৱাটোৱে আপোনাৰ ভোক ৰোধ কৰাত সহায় কৰিব পাৰে আৰু বেছি দিনলৈ পেট ভৰোৱাৰ অনুভৱ কৰিব পাৰে ।

৭) হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

অমিতাত প্ৰচুৰ পৰিমাণে আঁহ, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে, এই সকলোবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় । খালী পেটত অমিতা খোৱাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়, কলেষ্টেৰলৰ মাত্ৰা কম হয় আৰু ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পৰা যায় ।

এই বিষয়বস্তুৱে কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প হ’ব নোৱাৰে । অধিক জানিবলৈ সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগত পঢ়ক: Home Remedies For Sore Throat: ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ আয়ুৰ্বেদিক ঔষধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.