ETV Bharat / sukhibhava

Summer Health Care: গৰমৰ সময়ছোৱাত কেনেদৰে ল’ব নিজৰ স্বাস্থ্যৰ যতন ?

author img

By

Published : Aug 11, 2023, 3:24 PM IST

গৰমৰ এই সময়ছোৱাত নিজকে সুস্থ কৰি ৰাখিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে । জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰসাদ শৰ্মাই ।

Summer Health Care
গৰমৰ সময়ছোৱাত কেনেদৰে ল’ব নিজৰ স্বাস্থ্যৰ যতন ?

জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰসাদ শৰ্মা

জলবায়ুৰ পৰিবৰ্তন বাবে এতিয়া বিভিন্ন ৰোগত আক্রান্ত হৈছে বহুজন। সূৰ্যৰ তাপমাত্ৰাৰ বাবে মানুহৰ শৰীৰত হিট ৰেচ, ঘামচি আদি হোৱা দেখা যায়। ইয়াৰ পৰা বাছিবলৈ কিছু উপায় অৱলম্বন কৰিব লাগে । যেনে-

১) অতি গুৰুত্বপূৰ্ণ কাম নাথাকিলে ৰ'দত বাহিৰলৈ ওলাই যাব নালাগে ।

২) বাহিৰলৈ গলে ছাতি, বা টুপী ব্যৱহাৰ কৰিব লাগে ।

৩) সূৰ্য্যৰ ৰশ্মি বা তাপৰ পৰা বাচিবলৈ ঘৰৰ পৰা বাহিৰলৈ গলে দীঘল হাতৰ চোলা পৰিধান কৰিব লাগে ।

৪) পাতল ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে। ডাঠ বা উজ্জ্বল ৰঙৰ কাপোৰ পৰিধান কৰিলে সূৰ্য্যতাপে সহজে আপোনাৰ দেহত আক্ৰমণ কৰিব পাৰে ।

সূৰ্যৰ তাপৰ বাবে দেহৰ পৰা অতি বেছি পৰিমাণে ঘাম ওলাই। গৰমৰ বাবে আমাৰ শৰীৰৰ পানী কমি যায় । সেয়েহে মানুহ অতি সহজে দুৰ্বল হৈ যায় , হিট ক্ৰেম্পচ (cramps) হয় । ইয়াৰপৰা বাচিবলৈ হ’লে ল'ব লগীয়া সাৱধানতা সমূহ হ’ল-

১) সূৰ্য্যৰ তাপত বাহিৰলৈ ওলাই যাব নালাগে ।

২) ঘনাই ঘনাই পানী খাব লাগে ।

৩) সতেজ ফলমূলৰ ৰস খাব লাগে ।

৪) ORSL ঘনাই ঘনাই খাই থাকিব লাগে ।

৫) কল্ড ড্ৰিংকছ বা এনাৰ্জী ড্ৰিংকছ খাব নালাগে ।

৬) সম্ভৱ হলে সঘনাই গা ধুব লাগে ।

এই উপায় সমূহ অৱলম্বন কৰি আপুনি হিট ষ্ট্ৰোকৰ পৰাও ৰক্ষা পাব পাৰে ।

হিট ষ্ট্ৰকৰ লক্ষণসমূহ কি কি ?

হিট ষ্ট্ৰকৰ হ’লে দেহত ঘামচি ওলোৱা, মাংসপেশী সমূহ বিষোৱা, খুব পিয়াঁহ লগা, মানুহজন সোনকালে অৱশ হৈ যোৱা, হাত-ভৰি কোছাই নিয়া, ভ্ৰম বকা আদি হিট ষ্ট্ৰকৰ লক্ষণ । এনেবোৰ লক্ষণ দেখা দিয়া মাত্ৰকে পলম নকৰি অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা লগতে চিকিৎসালয়লৈ নিব লাগে ।

লগতে পঢ়ক: Conjunctivitis: চকুৰ কনজাংকটিভাইটিছৰ লক্ষণ তথা ল'বলগীয়া সাৱধানতাসমূহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.