ETV Bharat / sukhibhava

Dates Benefits: ৰক্তহীনতা তথা হাড়ৰ বাবে বৰদান স্বৰূপ খেজুৰ

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:20 PM IST

শীতকালৰ বাবে এক উত্তম খাদ্য বজাৰলৈ আহে যাৰ কেৱল এটাই নহয় বহু উপকাৰো আছে আৰু সেয়া হৈছে খেজুৰ ৷ খেজুৰে আমাৰ শৰীৰক ভিতৰৰ পৰা গৰম অনুভৱ কৰাত সহায় কৰে ৷ গতিকে ঠাণ্ডা দিনত ই প্ৰচুৰ পৰিমাণে খাব লাগে ৷ দৈনিক খেজুৰ সেৱন কৰিলে শৰীৰৰ বহু সমস্যাই দূৰ হ’ব আৰু বহু উপকাৰিতাও সাধন হ’ব ৷

Health Benefits Of Dates
ৰক্তহীনতা তথা হাড়ৰ বাবে বৰদান স্বৰূপ খেজুৰ

শীতকালৰ লাহে লাহে আগমন ঘটিছে আৰু আমি আমাৰ স্বাস্থ্যক সুস্থ ৰাখিবলৈ ঋতু অনুসৰি আমাৰ খাদ্যাভ্যাস সলনি কৰিব লাগিব ৷ শীতকালত আমাক গৰম বস্তুৰ প্ৰয়োজন হয় যিয়ে আমাৰ শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখিব পাৰে ৷ এই সময়ত বজাৰত বহু শাক-পাচলি উপলব্ধ নাথাকে ৷ বজাৰলৈ নতুন নতুন ফল-মূল আহে ৷ তাৰ মাজতে শীতকালৰ বাবে এক উত্তম খাদ্য বজাৰলৈ আহে যাৰ কেৱল এক নহয় অনেক উপকাৰিতা আছে আৰু তাৰেই ভিতৰত এবিধ হৈছে খেজুৰ ৷ খেজুৰে আমাৰ শৰীৰক ভিতৰৰ পৰা গৰম অনুভৱ কৰাত সহায় কৰে ৷ গতিকে ঠাণ্ডা দিনত ই প্ৰচুৰ পৰিমাণে খাব লাগে ৷ দৈনিক খেজুৰ সেৱন কৰিলে শৰীৰৰ বহু সমস্যাই দূৰ হ’ব আৰু বহু উপকাৰিতাও সাধন হ’ব ৷ আহক জানো ইয়াৰ অন্য উপকাৰিতাসমূহ ৷

ৰক্তকণিকা বৃদ্ধিৰ বাবে

ক’লা খেজুৰক আঁহৰ এক উৎকৃষ্ট উৎস বুলি গণ্য কৰা হয় ৷ ইয়াক সেৱন কৰিলে পেটৰ লগত জড়িত সমস্যাবোৰ দূৰ হয় ৷ পেটৰ গেছ, বদহজম, হজম শক্তি দুৰ্বল হোৱা আৰু আন বহুতো সমস্যা দূৰ কৰাত ইয়াক অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয় ৷ ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আইৰণো পোৱা যায়, ইয়াৰ সেৱনে ৰক্তকণিকাৰ বৃদ্ধি কৰে আৰু শৰীৰৰ ৰক্তহীনতাও দূৰ কৰে ৷ যদি আপুনি হিম’গ্লবিনৰ অভাৱত আছে তেন্তে আজিৰ পৰাই খেজুৰ খোৱাটো আৰম্ভ কৰিব লাগে ৷

হাড়ৰ বাবে উপকাৰী

যিহেতু খেজুৰত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু ফছফৰাছ প্ৰচুৰ পৰিমাণে থাকে, সেয়েহে ইয়াক হাড়ৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াক সেৱন কৰিলে হাড় মজবুত হয় ৷ উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে ক’লা খেজুৰ সেৱন কৰাটো অতি উপকাৰী বুলি বিবেচিত হয় ৷ ই বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে ৷ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ক’লা খেজুৰ উপকাৰী বুলি গণ্য কৰা হয় ৷ ক’লা খেজুৰ সেৱন কৰিলে হাৰ্ট এটেক, হৃদযন্ত্ৰৰ বিকলতা আৰু ষ্ট্ৰোকৰ দৰে সমস্যাৰ সম্ভাৱনা কম হয় ৷

লগতে পঢ়ক: Health Tips: আপুনি জলা খাদ্য খাই ভাল পায় নেকি ? তেন্তে ভুগিব পাৰে এই সমস্যাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.