ETV Bharat / sukhibhava

আপোনাৰ স্বাস্থ্যৰ বাবে বাদাম আৰু গাখীৰৰ সংমিশ্ৰণ কিমান উপকাৰী?

author img

By

Published : Feb 25, 2022, 11:42 AM IST

স্বাস্থ্যৰ বাবে কাঠবাদাম আৰু গাখীৰ উপকাৰী বুলি গণ্য কৰা হয় (Goodness of almonds and milk) । কাঠবাদাম আৰু গাখীৰৰ সেৱনে স্বাস্থ্যক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷ আপোনালোকে জানেনে কাঠবাদাম আৰু গাখীৰৰ সংমিশ্ৰণে স্বাস্থ্যক কিদৰে লাভান্বিত কৰে? আজি আমি আপোনালোকলৈ আগবঢ়াইছো কাঠবাদাম আৰু গাখীৰৰ সংমিশ্ৰণৰ (Combination of almonds and milk) উপকাৰীতাৰ বিষয়ে...

almonds and milk
আপোনাৰ স্বাস্থ্যৰ বাবে বাদাম আৰু গাখীৰৰ সংমিশ্ৰণ কিমান উপকাৰী?

বজাৰত সাধাৰণতেই উপলব্ধ বাদাম গাখীৰ ৷ এই বাদাম গাখীৰ খাইয়ো আপুনি পুষ্টি লাভ কৰিব পাৰে নতুবা ঘৰতে গাখীৰত বাদাম তিয়াই থৈ তেনেদৰে খালেও আপুনি পুষ্টি আহৰণ কৰিব পাৰে (Healthy Diet) ৷ গাখীৰৰ সৈতে বাদাম খোৱা অভ্যাসে মানুহৰ বিভিন্ন দিশৰ পৰা উন্নতি সাধন কৰে (Almonds with milk) ।

চিকিৎসকৰ লগতে বয়োজেষ্ঠ্য সকলে প্ৰায়ে কাঠবাদাম আৰু গাখীৰ খোৱাৰ লাভালাভৰ ওপৰত মন্তব্য দি থকা দেখা যায় । বিশেষজ্ঞ পুষ্টিবিদ ডাঃ দিব্যা শৰ্মাই কৈছে যে বাদাম আৰু গাখীৰ দুয়োটাই পুষ্টিৰে সমৃদ্ধ ৷ কোৱা হয় যে সঠিক পৰিমাণত কাঠবাদাম আৰু গাখীৰ সেৱনে শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে । ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আৰু বিপাকীয় কাৰ্যবোৰো বজাই ৰাখে, যি বহুতো ৰোগৰ পৰা স্বাস্থ্যক বচাই ৰখাত সহায় কৰে (Benefits of almonds milk combination) ।

কাঠবাদাম:

কাঠবাদামত ফেটি এচিড, লিপিড, এমিন’ এচিড, প্ৰ'টিন আৰু কাৰ্ব’হাইড্ৰেট থাকে । বিশেষকৈ, ইয়াক ভিটামিন ই, জিংক, কেলচিয়াম, মেগনেছিয়াম আৰু অমেগা 3 ফেটি এচিডৰ এক মুখ্য উৎস বুলি গণ্য কৰা হয় । ইয়াৰ উপৰিও, কাঠবাদামত আঁহ, লো আৰু ফলেটৰ দৰে পুষ্টিও থাকে ।

গাখীৰ:

গাখীৰ নিজেই এক সম্পূৰ্ণ আহাৰ । ইয়াত পানী, প্ৰ'টিন, কাৰ্ব’হাইড্ৰেট, লিপিড চৰ্বি, চেনী, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম, জিংক, তাম, চেলেনিয়াম, থিয়ামিন, ৰিব’ফ্লেভিন, নিয়াচিন, পেণ্টোথেনিক এচিড, ভিটামিন এ, ভিটামিন বি6, ভিটামিন বি12 লগতে বহুত মিনাৰেল যেনে ভিটামিন ই, ডি, ভিটামিন কে, বেটা কেৰাটিন, আয়ডিন, ৰেটিনল, চ’লিন, চৰ্বি আৰু শক্তি থাকে ।

গাখীৰৰ সৈতে বাদাম এক আদৰ্শ সংমিশ্ৰণ

ডাঃ দিব্যাই কৈছে যে গাখীৰৰ সৈতে বাদামৰ সংমিশ্ৰণ একেবাৰে নিঁখুত, যিয়ে আমাৰ শৰীৰৰ বাবে টনিক হিচাপে কাম কৰে । শৰীৰত পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰিও, এই মিশ্ৰণে আমাৰ শাৰিৰীক আৰু মানসিক দুয়োটা স্বাস্থ্যৰে উন্নতি সাধে ৷ গাখীৰৰ সৈতে বাদামৰ সংমিশ্ৰণৰ লাভালাভবোৰ তলত উল্লেখ কৰা হ’ল-

কাঠবাদাম আৰু গাখীৰ কেলচিয়াম আৰু ভিটামিন ডি ৰে সমৃদ্ধ, সেয়েহে ইয়াৰ সেৱন সকলো বয়সৰ পুৰুষ আৰু মহিলাৰ বাবেই উপকাৰী । বয়স অনুপাতে সঠিক পৰিমাণত সেৱন কৰিলে ই হাড়শক্তিশালী কৰাত সহায় কৰে আৰু আৰ্থ্ৰাইটিছ আৰু অষ্টিওপোৰোচিছৰ দৰে স্থিতিৰ পৰা সুৰক্ষা দিয়ে ।

কাঠবাদাম আৰু গাখীৰৰ সংমিশ্ৰণে দিয়া পুষ্টিয়ে উন্নত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়াৰ লগতে বহুতো ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ।

কাঠবাদামত প্ৰ'টিন থাকে, যি আমাৰ মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে মস্তিষ্কৰ কোষবোৰ মেৰামতি কৰে । বহুতো গৱেষণাই দেখুৱাইছে যে গাখীৰ আৰু কাঠবাদামৰ মিশ্ৰণে স্মৃতিশক্তিও উন্নত কৰে ।

গাখীৰ আৰু কাঠবাদাম একেলগে সেৱন কৰিলে ই শৰীৰক পৰ্যাপ্ত শক্তি প্ৰদান কৰে, যিয়ে ভাগৰ আৰু দুৰ্বলতাৰ সৈতে যুঁজ দিয়াত সহায় কৰে । এই মিশ্ৰণ সেৱনে ব্যক্তি এজনক গোটেই দিনটোলৈ উদ্যমী কৰি ৰাখে ।

শৰীৰৰ ওজন কম থকা লোকসকলৰ বাবে গাখীৰ আৰু কাঠবাদাম একেলগে খোৱাটো জৰুৰী (Almonds milk for underweight people) ৷

বাদাম গাখীৰত ভিটামিন 'এ' সৰহ পৰিমাণত থাকে যি চকুৰ বাবে যথেষ্ট উপকাৰী (Badam milk for eye health) । বাদাম গাখীৰৰ নিয়মীয়া সেৱনে শিশুৰ মাজত দৃষ্টিশক্তিৰ সমস্যা হ্ৰাস কৰিব পাৰে ।

কাঠবাদাম আৰু গাখীৰ চুলি আৰু ছালৰ স্বাস্থ্যৰ বাবেও ভাল । যিহেতু কাঠবাদাম আৰু গাখীৰ ভিটামিন ই, কেলচিয়াম আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টিৰে সমৃদ্ধ, সেয়ে এইবোৰৰ সেৱনে ছাল আৰু চুলি উজ্জ্বল আৰু স্বাস্থ্যৱান কৰি তোলে ।

মনত ৰাখিব, ইয়াৰ নেতিবাচক প্ৰভাৱো পৰিব পাৰে!

ডাঃ দিব্যাই উল্লেখ কৰিছে যে যদিও গাখীৰ আৰু কাঠবাদামৰ সংমিশ্ৰণে আমাৰ স্বাস্থ্যক বিভিন্ন ধৰণে লাভান্বিত কৰে, কিন্তু ইয়াৰ সঠিক পৰিমাণত সেৱন কৰাটো অত্যাৱশ্যকীয় । কিছুমান পৰিস্থিতিত ই আমাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে । উদাহৰণ স্বৰূপে, বাদাম আৰু গাখীৰত পটাছিয়াম অতি উচ্চ পৰিমাণত পোৱা যায়, যি বৃক্ক বা যকৃতৰ ৰোগত আক্ৰান্ত লোকসকলৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে । তেনে লোকসকলে তেওঁলোকৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱাৰ পিছতহে বাদামৰ সৈতে গাখীৰ খাব লাগে ।

কিছুমান লোকৰ বাদাম বা শুকান ফল বা গাখীৰৰ প্ৰতিও এলাৰ্জি থাকে ৷ তেনে লোকে এইবোৰৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগে । ইয়াৰ বাহিৰেও থাইৰইড, অনিয়ন্ত্ৰিত ডায়েবেটিছ, দুৰ্বল পাচন তন্ত্ৰ আৰু উশাহ-নিশাহত অসুবিধা থকা লোকসকলে চিকিৎসকৰ পৰা পৰামৰ্শ লোৱাৰ পিছতহে বাদাম গাখীৰৰ মিশ্ৰণ খোৱা উচিত ।

লগতে পঢ়ক: যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে হৃদৰোগৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.