ETV Bharat / sukhibhava

Curry leaves: ডায়েবেটিছ তথা কলেষ্টেৰল ৰোগীৰ বাবে অতি উপকাৰী নৰসিংহ পাত

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:57 PM IST

দক্ষিণৰ পৰা উত্তৰলৈ পাকঘৰত নৰসিংহ পাত অবিহনে ভাৰতীয় ব্যঞ্জন আধৰুৱা । নৰসিংহ পাতে সুগন্ধি আৰু সোৱাদ দুয়োটা বৃদ্ধি কৰে । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও নৰসিংহৰ পাত অতি উপকাৰী । ইয়াক কেনেকৈ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি জানি লওক-

Curry leaves are very beneficial in diabetes and cholesterol, know how to use it
ডায়েবেটিছ তথা কলেষ্টেৰল ৰোগীৰ বাবে অতি উপকাৰী নৰসিংহৰ পাত

দক্ষিণৰ পৰা উত্তৰলৈ পাকঘৰত নৰসিংহ পাত অবিহনে ভাৰতীয় ব্যঞ্জন আধৰুৱা । নৰসিংহ পাতে সুগন্ধি আৰু সোৱাদ দুয়োটা বৃদ্ধি কৰে । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও নৰসিংহৰ পাত অতি উপকাৰী । ইয়াক পোহা, দালি, শাক-পাচলি আৰু বহুতো ৰেচিপিত ব্যৱহাৰ কৰা হয় ৷ নৰসিংহ পাতে সোৱাদ বৃদ্ধি কৰাৰ লগতে সুগন্ধিও বৃদ্ধি কৰে ৷ সোৱাদৰ লগতে নৰসিংহৰ পাতো স্বাস্থ্যৰ সম্পদ ৷

ইয়াত কেলচিয়াম, মেগনেছিয়াম, কপাৰ, ফছফৰাছ, আইৰণ আদি বহুতো পোৱা যায় ৷ ইয়াৰ ঔষধি গুণৰ বাবে ইয়াৰ ব্যৱহাৰ কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু ওজন হ্ৰাস কৰাই নহয়, অন্যান্য স্বাস্থ্যজনিত সমস্যা সমাধানৰ বাবেও ব্যৱহাৰ কৰা হয় ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে ইয়াৰ তিনিটা মুখ্য উপকাৰিতা জানো আহক ৷

ওজন হ্ৰাস কৰে

বেছিভাগ মানুহেই ওজন বৃদ্ধিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বাবে তেওঁলোকে ডায়েট কৰে ৷ প্ৰতিদিনে পুৱা ৫ৰ পৰা ৬টা নৰসিংহ পাত খালী পেটত সেৱন কৰিলে আপোনাৰ বিপাকীয় ক্ৰিয়া উন্নত হয় ৷ ইয়াৰ লগে লগে আপোনাৰ ওজনো কমিবলৈ আৰম্ভ কৰিব ৷ ডাইক্ল’ৰ’মিথেন আৰু ইথাইল এচিটেটৰ দৰে বিশেষ মৌল পোৱা যায়, যিবোৰ ওজন হ্ৰাসৰ বাবে জনাজাত ৷

ৰক্তহীনতা

ৰক্তহীনতা প্ৰতিৰোধী গুণৰ বাবে নৰসিংহ পাত ৰক্তহীনতাত আক্ৰান্ত লোকৰ বাবে অতি উপকাৰী ৷ ইয়াত কেলচিয়াম, আইৰণ আৰু জিংক প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিহেতু তেজ শোষক মৌল ফলিক এচিড আৰু আইৰণ দুয়োটা নৰসিংহ পাতৰ ভিতৰত পোৱা যায় ৷ এই কাৰণেই ৰক্তহীনতাত ই উপকাৰী ৷

ডায়েবেটিছ

যদি আপোনাৰ ৰক্তশৰ্কৰাৰ সমস্যা আছে তেন্তে আপুনি তৎক্ষণাত নৰসিংহ পাত খাবলৈ আৰম্ভ কৰিব লাগে ৷ নৰসিংহৰ পাতৰ হাইপ’গ্লাইচেমিক গুণ থাকে অৰ্থাৎ ৰক্তশৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰে ৷ ইয়াৰ ফলত ৰক্তহীনতা বৃদ্ধি নহয় আৰু ইনচুলিন সঠিকভাৱে উৎপাদিত হয় ৷ ৰাতিপুৱা খালী পেটত নৰসিংহৰ পাত চোবাই খালে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত থাকে ৷ কেৱল এয়াই নহয়, নৰসিংহ পাতকো হৃদযন্ত্ৰৰ বাবে অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷ নৰসিংহ পাতে কলেষ্টেৰল নিয়ন্ত্ৰণতো কাম কৰে ৷

লগতে পঢ়ক: Sunscreen for Skin: সঁচাকৈ ছানস্ক্ৰীনে প্ৰখৰ ৰ’দৰ পৰা ছালক ৰক্ষা কৰেনে ? জানি লওক সত্যতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.