ETV Bharat / sukhibhava

জিমত কৰা জোৰদাৰ ৱৰ্কআউটৰ পূৰ্বে খাওক এই খাদ্য; পাব ভৰপূৰ এনাৰ্জী

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:45 PM IST

Best Pre-Workout Foods: ব্যায়াম কৰাৰ সময়ত আমাক শক্তি আৰু ষ্টেমিনাৰ প্ৰয়োজন হয়, আপুনি ইয়াক আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰি আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে ।

Best Pre-Workout Foods to Boost Stamina
জিমত কৰা জোৰদাৰ ৱৰ্কআউটৰ বাবে খাওক এই খাদ্য; পাব ভৰপূৰ এনাৰ্জী

শৰীৰটো ফিট কৰি ৰাখিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ ফলত কেৱল শাৰীৰিকভাৱে সুস্থ হৈ থকাই নহয় আপুনি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব ৷ যদি আপুনিও জিমত ৱৰ্কআউট কৰে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰাটো উচিত ৷ যেতিয়াই আপুনি জিমলৈ যায় তেতিয়াই শক্তি বৃদ্ধিৰ বাবে প্ৰি-ৱৰ্কআউটৰ খাদ্যত এইবোৰ খাদ্য সেৱন কৰিবলৈ নাপাহৰিব ৷

  • খাদ্যত ওটছ অন্তৰ্ভুক্ত কৰক

যদি আপুনি এটা সময়ত ৪০-৫০ গ্ৰাম ওটছ খায় তেন্তে দিনটোত প্ৰায় ৫টা অংশ খাব পাৰে ৷ নিয়মিত ওটছ খালে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ৷ ইয়াৰ দ্বাৰা বহু ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰি ৷ আঁহ আৰু জটিল কাৰ্বহাইড্ৰেটৰ উপস্থিতিৰ বাবে ই পেটটো দীৰ্ঘসময়লৈকে ধৰি ভৰি থকাত সহায় কৰে ৷ অটচত ভিটামিন বি আৰু কাৰ্বহাইড্ৰেট থাকে, যিয়ে আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী ৷

  • প্ৰতিদিনে এগিলাচ গাখীৰ খাব লাগে

নিশা শুবলৈ যোৱাৰ আগতে এগিলাচ গাখীৰ খাব লাগে ৷ গাখীৰত প্ৰ’টিন প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত শৰীৰৰ পেশী শক্তিশালী হয় ৷ গাখীৰ খালে ভোক কম কৰিব পাৰি আৰু দীৰ্ঘসময়লৈকে আপুনি পেটপূৰ হৈ থকা যেন অনুভৱ হয়৷ গাখীৰত কেলচিয়াম পোৱা যায়, যিয়ে বিপাকীয় ক্ৰিয়াত সহায় কৰে, যাৰ বাবে ওজন হ্ৰাস হোৱাত সহায় হয় ৷

  • কল খাব

দিনটোত এটা কল খালে আমাৰ শৰীৰত এণ্ড’ৰ্ফিনৰ মাত্ৰা বজাই ৰখাত সহায় হয়, ইয়াত অন্তৰ্ভুক্ত ফ্ৰুক্ট’জ আৰু কাৰ্বহাইড্ৰেটে নিমিষতে আপোনাৰ শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি কৰে ৷ ৱৰ্কআউট কৰাৰ আগতে ১-২ টা কল খাব লাগে ৷ কলত থকা পটাছিয়ামে শৰীৰৰ পেশীবোৰ সুস্থ কৰি ৰখাত অতি সহায়ক বুলি প্ৰমাণিত হৈছে ৷

  • খাদ্যত কণী অন্তৰ্ভুক্ত কৰক

কণীত থকা এমিনো এচিডে আপোনাক এক বেলেগ ধৰণৰ শক্তি প্ৰদান কৰে ৷ ই আপোনাৰ মাংসপেশী বৃদ্ধি তথা বিকাশত সহায় কৰে ৷ ৱৰ্কআউট কৰিবলৈ যাওঁতে তাৰ ৩০-৪০ মিনিট পূৰ্বে এটা কণী খাবলৈ চেষ্টা কৰক ৷ অমলেটৰ ৰূপতো খাব পাৰে ৷

  • প্ৰচুৰ পৰিমাণে আলমণ্ড আৰু কাজু খাব

আমি সকলোৱে নিশ্চয় জানো যে শুকান ফলৰ বহু উপকাৰিতা আছে, ইয়াক খালে আপুনি হৃদৰোগ, ৰক্তহীনতা, কলেষ্টেৰল আদি ৰোগৰ পৰা আঁতৰি থাকিব পাৰে৷ তাৰ উপৰিও ইয়াত প্ৰটিন, ভিটামিন, চৰ্বি আৰু আঁহ আদি পুষ্টিকৰ উপাদানো থাকে ৷ ৱৰ্কআউটৰ পূৰ্বে নিশ্চয়কৈ ইয়াক গ্ৰহণ কৰাৰ চেষ্টা কৰক ৷ ই আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধিতো অতি ফলপ্ৰসূ ৷

লগতে পঢ়ক: পুৱা খালী পেটত গ্ৰহণ কৰক মধুৰিআম আৰু পাওক এই চমৎকাৰী লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.