ETV Bharat / sukhibhava

মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ কাৰণ হ’ব পাৰে ফেটি লিভাৰ

author img

By

Published : Mar 5, 2022, 1:27 PM IST

আপোনাৰ বাৰু কথা কওতে মুখখন গোন্ধাই নেকি ? মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ বহুতো কাৰণ থাকিব পাৰে ৷ কিন্তু সদায় মুখৰ পৰা ওলোৱা একে ধৰণৰ দুৰ্গন্ধই সংকেত দিব পাৰে ফেটি লিভাৰৰ (bad breathing related to fatty liver) । এই শিতানত জানো আহক ফেটি লিভাৰৰ বিভিন্ন সমস্যা আৰু প্ৰতিকাৰৰ বিষয়ে...

Fatty Liver
মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ কাৰণ হ’ব পাৰে ফেটি লিভাৰ

সাধাৰণতে মুখখন সঠিকভাৱে পৰিষ্কাৰ কৰাৰ অভাৱত বা অপৰিস্কাৰ হৈ থকাৰ বাবে মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে ৷ এই দুৰ্গন্ধৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পালে নিশ্চয়কৈ হৈ পৰিব পাৰে চিন্তাৰ কাৰণ ৷ কেৱল পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱেই নহয়, শৰীৰৰ অন্তৰ্ভাগত দেখা দিয়া বিসংগতিও ইয়াৰ কাৰণ হ’ব পাৰে । বিশেষকৈ ফেটি লিভাৰৰ সমস্যা থাকিলেও এই দুৰ্গন্ধ সৃষ্টি (Bad breath can be indicating Fatty Liver) হোৱাৰ আশংকা থাকে ৷

ফেটি লিভাৰক প্ৰাৰম্ভিক পৰ্যায়ত গুৰুতৰ ৰোগ হিচাপে বিবেচনা কৰা নহয় ৷ কিন্তু কোনো লোকৰ দেহত ইয়াৰ উপস্থিতি ধৰা পৰাৰ পিছত যদি উপযুক্ত চিকিৎসা কৰা নহয়, অথবা প্ৰয়োজনীয় যত্নখিনি লোৱা নহয়, তেন্তে ই লিভাৰৰ যথেষ্ট ক্ষতিসাধন কৰিব পাৰে ।

দিল্লীৰ এজন জ্যেষ্ঠ চিকিৎসক ডাঃ ৰাজেশ শৰ্মাই সদৰী কৰা অনুসৰি, যেতিয়া লিভাৰত চৰ্বি জমা হ'বলৈ আৰম্ভ কৰে, তেতিয়া সেই চৰ্বিয়ে লিভাৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় (fatty liver can be harmful) ৷

ৰোগীৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পৰ্যায়ত ফেটি লিভাৰৰ লক্ষণবোৰ পোনপটীয়াকৈ দেখা নাযায় । এই সমস্যা বৃদ্ধিৰ লগে লগে ৰোগীৰ শৰীৰত আনুসংগিক কিছু লক্ষণ যেনে - পেটত হোৱা বিষ বা গধুৰতা ভাৱ, ওজন হ্ৰাস, ভোক নলগা, ছাল বা চকুৰ ৰং সলনি হোৱা, ওকালি বা বমি অহাৰ দৰে অনুভৱ কৰা, অত্যাধিক ভাগৰ বা দুৰ্বল অনুভৱ কৰা, ভৰি ফুলা আদি লক্ষণসমূহে দেখা দিয়ে । এই সময়চোৱাত ৰোগীৰ মুখৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে (fatty liver symptoms) ।

ডাঃ ৰাজেশে প্ৰকাশ কৰা অনুসৰি, যেতিয়া ফেটি লিভাৰৰ সমস্যা আৰম্ভ হয়, লিভাৰটো ফুলিবলৈ আৰম্ভ কৰে ৷ যাৰ ফলত লিভাৰ অথবা যকৃতৰ কোষসমূহৰ ক্ষতি হ'বলৈ আৰম্ভ কৰে ৷ শৰীৰত ইয়াৰ অৱস্থিতিৰ বিষয়ে ধৰা পৰাৰ পিছত প্ৰয়োজনীয় চিকিৎসা নকৰিলে চিৰ’ছিছ, যকৃতৰ দুৰ্বলতা আৰু যকৃতৰ কৰ্কট ৰোগকে ধৰি অন্যান্য ৰোগ হোৱাৰ সম্ভাৱনা আহি পৰে ৷ তেওঁ উল্লেখ কৰে যে, ফেটি লিভাৰক এক সাধাৰণ ৰোগ হিচাপে গণ্য কৰা হয় । অন্যান্য বিভিন্ন ৰোগ ইয়াৰ কাৰণ হ'ব পাৰে ।

ফেটি লিভাৰক দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে (fatty liver types) -

এলকহ’লিক ফেটি লিভাৰ : অত্যাধিক সুৰাপান কৰাৰ ফলত হোৱা ফেটি লিভাৰ

নন-এলক’হলিক ফেটি লিভাৰ : মেদবহুলতা, বাহ্যিক জীৱনশৈলী, ভুল খাদ্যাভ্যাস, Type 2 ডায়েবেটিছ আৰু বিপাকীয় লক্ষণৰ ফলত হোৱা ফেটি লিভাৰ

ফেটি লিভাৰ আৰু মুখৰ দুৰ্গন্ধ :

যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ অত্যাৱশ্যকীয় অংগবোৰৰ ভিতৰত এটা ৷ কিয়নো ই আমাৰ মেটাব’লিজিমক সঠিক মাত্ৰাত অটুট ৰখাত সহায় কৰে ৷ তদুপৰি শক্তি সঞ্চয়ত সহায় কৰাৰ লগতে শৰীৰৰ বাবে বিষাক্ত আৰু ক্ষতিকাৰক পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰে ৷ তেজৰ পৰিশোধনতো যকৃতৰ ভূমিকা অতুলনীয় ৷

ডাঃ ৰাজেশে উল্লেখ কৰিছে যে, যেতিয়া ফেটি লিভাৰৰ সমস্যা বৃদ্ধি হয়, তেতিয়া অধিকাংশ ৰোগীৰে মুখৰ পৰা দুৰ্গন্ধ ওলোৱা পৰিলক্ষিত হয় (fatty liver bad breath) ৷ দৰাচলতে লিভাৰৰ ক্ৰিয়া-কাৰ্য বিঘ্নিত হ’লে শৰীৰৰ বিষাক্ত পদাৰ্থ পৰিশোধন কৰাত সমস্যাৰ সৃষ্টি হয় ।

এনে পৰিস্থিতিত সঠিকভাৱে পৰিশোধন নোহোৱা বিষাক্ত পদাৰ্থবোৰ শ্বাসতন্ত্ৰ বা শৰীৰৰ অন্যান্য অংগলৈ প্ৰবাহ কৰে । যাৰফলত সৃষ্টি হোৱা সমস্যা আৰু পৰিস্থিতিয়ে দুৰ্গন্ধ বিয়পায় ৷ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ফেট্ট’ৰ হেপাটিকাচ বুলি জনা যায় । এই গোন্ধ ক্ষণস্থায়ী হোৱাৰ বিপৰীতে দীৰ্ঘম্যাদী হৈ পৰে ৷ ডাইমিথাইল ছালফাইড সাধাৰণতে এই গোন্ধৰ উৎস বুলি গণ্য কৰা হয় (fatty liver impact on health) ।

মুখৰ গোন্ধ ওলোৱা আৰম্ভ কৰিলে আৰু ফেটি লিভাৰৰ সমস্যা হোৱাৰ সাধাৰণ লক্ষণবোৰ অনুভৱ কৰাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত বুলি ডাঃ ৰাজেশে পৰামৰ্শ আগবঢ়াইছে ৷ তদুপৰি সকলোৱে এটি সুস্থিৰ জীৱন প্ৰণালী গঢ়ি তোলা প্ৰয়োজনীয় ৷ ফেটি লিভাৰৰ সমস্যাত ভোগা লোকসকলে ধূমপান আৰু সুৰাপান পৰিহাৰ কৰা উচিত ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সময়মতে দৰৱ খোৱাৰ লগতে বান্ধি দিয়া সকলো প্ৰকাৰৰ নীতি-নিয়ম মানি চলা উচিত ৷

লগতে পঢ়ক: World Hearing Day 2022 : শ্ৰৱণ শক্তি হ্ৰাস কেনেদৰে প্ৰতিৰোধ কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.