ETV Bharat / sukhibhava

Breast Cancer: স্তন কেন্সাৰৰ বাবে মদ্যপান অন্যতম ডাঙৰ বিপদজনক কাৰক: বিশ্ব স্বাস্থ্য সংস্থা

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 6:43 PM IST

Alcohol is one of the biggest risk factors for breast cancer says WHO
স্তন কেন্সাৰ

বৰ্তমান সময়ত অধিকাংশ মহিলাই মুকলিকৈয়ে সুৰাপান কৰে । কিন্তু মহিলাসকলৰ এই অভ্যাসে তেওঁলোকক দিনক দিনে আৰু ৰুগীয়াহে কৰিছে । এক গৱেষণা অনুসৰি, প্ৰতিদিনে আধা গিলাচ ৱাইন বা এটা বিয়েৰ খালে স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয় ।

এতিয়া দিন-কাল সলনি হৈছে । এটা সময় আছিল যেতিয়া কেৱল পুৰুষসকলেহে সুৰাপান কৰিছিল, কিন্তু এতিয়া পুৰুষসকলক চেৰাই গৈছে মহিলাসকলে । হয়, আজিকালি অধিকাংশ মহিলাই মুকলিকৈয়ে সুৰাপান কৰে । কিন্তু মহিলাসকলৰ এই অভ্যাসে তেওঁলোকক দিনক দিনে আৰু ৰুগীয়াহে কৰিছে । এক গৱেষণা অনুসৰি, প্ৰতিদিনে আধা গিলাচ ৱাইন বা এটা বিয়েৰ খালে স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয় ।

এই গৱেষণাত দাবী কৰা হৈছে যে, কৰোনা মহামাৰীৰ সময়ৰ পৰা মহিলাসকলে স্বাভাৱিকতকৈ অধিক সুৰাপান কৰিবলৈ লৈছে ৷ মহিলাসকলৰ অত্যাধিক সুৰাপান কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে চাপ আৰু উদ্বেগ ।

এই গৱেষণাত প্ৰমাণ পোৱা গৈছে যে, সুৰাৰ প্ৰতি আসক্ত মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগৰ লগতে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাত এইটো কোৱা হৈছে যে যিসকল মহিলাই সপ্তাহত কমেও তিনিৰ পৰা ছয়বাৰকৈ সুৰা সেৱন কৰে তেনে মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ আশংকা ১৫ শতাংশ বৃদ্ধি হয় ।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত এইটোও প্ৰকাশ কৰা হৈছে যে যিমান পৰিমাণৰ সুৰা পান কৰা নহওঁক, ই নিশ্চিতভাৱে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । আনকি এটোপাল সুৰাপানেও স্বাস্থ্যৰ বিপদাশংকা সৃষ্টি কৰিব পাৰে ৷ সুৰাপান কৰিলে সাত প্ৰকাৰৰ কৰ্কট ৰোগ হ'ব পাৰে ৷ এই কৰ্কট ৰোগবোৰৰ ভিতৰত আটাইতকৈ সচৰাচৰ হৈছে অন্ত্ৰৰ কৰ্কট ৰোগ আৰু মহিলাৰ স্তনৰ কৰ্কট ৷ আনকি সামান্য পৰিমাণৰ সুৰাও এজন ব্যক্তিৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিব পাৰে ।

বিশ্বব্যাপী স্তনৰ কৰ্কট ৰোগৰ ফলতেই সৰ্বাধিক মৃত্যু হয় ৷ স্তনৰ কৰ্কট ৰোগৰ লক্ষণ সাধাৰণতে তৃতীয় বা চতুৰ্থ পৰ্যায়তহে ধৰাত পৰে । যাৰ বাবে ইয়াৰ চিকিৎসা কঠিন হৈ পৰে আৰু বিপদাশংকা বৃদ্ধি হয় । সেয়েহে, মহিলাসকলে এক সন্তুলিত আহাৰ, সন্তুলিত ওজন আৰু ব্যায়ামৰ জৰিয়তে স্তন কৰ্কটৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে ৷

স্তনৰ কৰ্কট ৰোগৰ লক্ষণ

  • স্তন বা স্তনৰ কৰ্কটৰোগৰ প্ৰথম লক্ষণ হৈছে মহিলাৰ স্তনত বিষ হোৱা।আন লক্ষণসমূহ হৈছে-
  • স্তনৰ পৰা পানী বা স্ৰাৱ ওলোৱা
  • স্তনবৃন্তটো বাহিৰৰ সলনি স্তনৰ ভিতৰত লাগি থাকে
  • স্তনবৃন্তত ৰিংৱৰ্ম বা খৰ হোৱা
  • হঠাৎ স্তনৰ আকাৰৰ পৰিৱৰ্তনো হোৱাটোও স্তনৰ কৰ্কট ৰোগৰ অন্যতম এক লক্ষণ

লগতে পঢ়ক: Ajwain water: ঔষধি গুণাগুণেৰে সমৃদ্ধ জনি গুটি, ইয়াক পানীৰ সৈতে মিহলাই খোৱাৰ উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.