ETV Bharat / sukhibhava

আঙুৰ খোৱাৰ এই 5টা উপকাৰিতাৰ বিষয়ে আপুনি পূৰ্বে জানিছিল নে ?

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:07 PM IST

Benefits of Grapes: আমাৰ মাজৰ এনে বহুলোক আছে যিয়ে হয়তো আঙুৰ খাই যথেষ্ট ভাল পায় ৷ কিন্তু আপুনি জানেনে এই ফলবিধ খোৱাৰ কিমান উপকাৰিতা আছে যদি নাজানে তেন্তে সম্পূৰ্ণ প্ৰতিবেদনৰ দ্বাৰা ইয়াৰ উপকাৰিতা জানি লওক...

5 benefits of eating grapes that you must know about it
আঙুৰ খোৱাৰ এই 5টা উপকাৰিতাৰ বিষয়ে আপুনি পূৰ্বে জানিছিল নে ?

আঙুৰ এনেকুৱা এবিধ ফল যে যাক বহুলোকে নিজৰ নিজৰ ধৰণেৰে গ্ৰহণ কৰিবলৈ পচন্দ কৰে আৰু ইয়াক গ্ৰহণ কৰাৰো যথেষ্ট উপকাৰিতা আছে ৷ আঙুৰৰ আন এটা বিশেষ কথা হ’ল ই ৰঙা, বেঙুনীয়া, ক’লা আৰু সেউজীয়াৰ দৰে বহু ৰঙত পোৱা যায় ৷ আঙুৰ কেৱল সুস্বাদু হোৱাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ আঙুৰত ভিটামিন চি আৰু ভিটামিন কে প্ৰচুৰ পৰিমাণে থাকে আৰু ই কম কেলৰি আৰু কম চৰ্বিযুক্ত ফলো ৷

আঙুৰত থকা এন্টিঅক্সিডেন্টে সুস্থ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু প্ৰদাহ কমাই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷ আঙুৰত ৰেচভেৰাট্ৰল আৰু কুৱেৰচেটিনৰ দৰে বহুতো যৌগ থাকে, য’ত কেন্সাৰ প্ৰতিৰোধী গুণ আছে আৰু টিউমাৰৰ দৰে ডাঙৰ ডাঙৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ কেৱল এয়াই নহয়, আঙুৰত পোৱা এন্টিঅক্সিডেন্টে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে ৷

আঙুৰৰ গ্লাইচেমিক সূচকাংকও কম, যাৰ বাবে আঙুৰ ৰক্ত শৰ্কৰাৰ বাবেও অতি উপকাৰী ৷ এই কাৰণেই বহু চিকিৎসকে ডায়েবেটিছ ৰোগীক আঙুৰ খাবলৈ পৰামৰ্শ দিয়ে ৷ গৱেষণা অনুসৰি আঙুৰে টাইপ ২ ডায়েবেটিছত ইতিবাচক প্ৰভাৱ পেলাব পাৰে । ইয়াৰ উপৰিও ৰেচভেৰাট্ৰলৰ উপস্থিতিয়ে ডায়েবেটিক নিউৰ’পেথী ব্যৱস্থাপনাত সহায় কৰিব পাৰে । অৱশ্যে এই দাবীসমূহ নিশ্চিত কৰিবলৈ আমাক অধিক গৱেষণাৰ প্ৰয়োজন ।

আমি ইতিমধ্যে দেখিছো যে আঙুৰত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু কে থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু বিভিন্ন ৰোগক আঁতৰাই ৰখাত সহায় কৰে ৷ আঙুৰত লুটিন আৰু জিএক্সান্থিনৰ দৰে বিভিন্ন এন্টিঅক্সিডেন্ট থাকে, যিয়ে বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচন আৰু চকুৰ অন্যান্য ৰোগৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে ৷

লগতে পঢ়ক: শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৪বিধ বস্তু, মজবুত হৈ উঠিব হাড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.