ETV Bharat / state

ওদালগুৰিত এনকাউণ্টাৰত নিহত শিশু ধৰ্ষণ-হত্যাৰ অভিযুক্ত

author img

By

Published : Mar 16, 2022, 11:45 AM IST

Updated : Mar 16, 2022, 2:16 PM IST

Rape accused shot dead in an encounter
Rape accused shot dead in an encounter

24 ঘন্টাৰ ভিতৰত দুঠাইত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Two encounter within 24 hours in Assam)৷ গুৱাহাটীৰ পাচত ওদালগুৰিত ধৰ্ষণ অভিযুক্তলৈ আৰক্ষীৰ গুলী (Encounter in Udalguri)৷ নিহত ৰাজেশ মুণ্ডা নামৰ এজন লোক ৷

নিউজ ডেস্ক, 16 মাৰ্চ : গুৱাহাটীৰ পাচত এইবাৰ ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰ (Encounter in Udalguri)৷ আৰক্ষীৰ গুলীত নিহত শিশু ধৰ্ষণৰ অভিযুক্ত ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলী চলাই আৰক্ষীয়ে ৷ আঠ বছৰীয়া শিশুক ধৰ্ষণৰ গোচৰত অভিযুক্ত আছিল ৰাজেশ মুণ্ডা নামৰ লোকজন ৷ মঙলবাৰে নিশা প্ৰায় 1 মান বজাত লালপানী আৰু মাজবাট আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় ধৰ্ষণ অভিযুক্ত ৰাজেশ মুণ্ডা (Child rape accused killed in encounter)।

যোৱা 10 মাৰ্চত লালপানীত ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল এটি শিশু (Minor rape murder in Udalguri) ৷ 11 মাৰ্চত ধনশ্ৰী বাগিছাৰ মাজৰ এখন শ্মশানত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ ৷ ঘটনাৰ পিছতে আত্মগোপন অৱস্থাত আছিল ৰাজেশ মুণ্ডাই ৷ মঙলবাৰে চাংসাৰিৰ এটা লোহা ফেক্টৰীৰ পৰা লালপানী আৰক্ষীয়ে ধৰি আনিছিল ৰাজেশ মুণ্ডাক ৷ নিশা ঘটনা স্থলীলৈ নি থাকোতে আৰক্ষীৰ গাড়ীৰ পৰাই জঁপিয়াই পলায়নৰ চেষ্টা চলাওতে আৰক্ষীৰ এন্টাকাউন্টাৰত নিহত হয় ৰাজেশৰ ৷

Rape accused shot dead in an encounter
ওদালগুৰিত এনকাউণ্টাৰত নিহত শিশু ধৰ্ষণ-হত্যাৰ অভিযুক্ত

উল্লেখ্য যে, 24 ঘন্টাৰ ভিতৰত ৰাজ্যত দুটাকৈ এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে ৷ মঙলবাৰে নিশা গুৱাহাটীত আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা চলাইছিল গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীয়ে (Biki Ali dies in police encounter)৷ আৰক্ষীয়ে পলাবলৈ চেষ্টা কৰা বিকিলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ চাৰি জাঁইকৈ গুলী চলাই আৰক্ষীয়ে ৷ এই এনকাউন্টাৰত নিহত হয় বিকি আলীৰ ৷

লগতে পঢ়ক : এনকাউণ্টাৰত মৃত্যু গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ

Last Updated :Mar 16, 2022, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.