ETV Bharat / state

ওদালগুৰিত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Sep 20, 2020, 9:59 PM IST

Massive Protest In udalguri
ওদালগুৰিত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গুদালগুৰিত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ 7 দফীয়া দাবী পূৰণৰ বাবে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।

গুদালগুৰি, 20 ছেপ্তেম্বৰ : ওদালগুৰি জিলাৰ শুকলাইত দেওবাৰে সদৌ অসম আদিবাসী ছাত্র সন্থাই বিভিন্ন দাৱীৰ সমৰ্থনত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । আদবাসী সকল দীৰ্ঘদিন ধৰি চৰকাৰৰ পৰা অবহেলিত হৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থকাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে 7 দফীয়া দাবীৰে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।

ওদালগুৰিত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ইফালে, সংগঠনটোৰ দাবী অনুসৰি, বিধানসভা নিৰ্বাচনৰ আগত যদি সমস্যা সমূহক বিজেপি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেন্তে নিৰ্বাচনত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

উল্লেখ্য যে, অখিল হিন্দীভাষী যুৱ ছাত্র পৰিষদ, গোৰ্খা ছাত্র সন্থা আৰু স্থানীয় আছু গোটেও তেওঁলোকক সহযোগ কৰে ।

লগতে পঢ়ক : ভাস্কৰ্য শিল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা মৰাণৰ এগৰাকী শিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.