ETV Bharat / state

Rowta Encounter Case : এনকাউণ্টাৰত নিহতৰ মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ, পৰিয়ালৰ চিনাক্তকৰণ

author img

By

Published : Feb 28, 2023, 10:59 AM IST

Rowta encounter
Rowta encounter

কেনাৰাম বসুমতাৰী এনকাউণ্টাৰ কাণ্ড (Kenaram Basumatary encounter case) । খান্দি উলিওৱা হ'ল বিভ্ৰান্তিকৰ মৃতদেহটো । ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালৰ দাবী, মৃতদেহটো ডিম্বেশ্বৰৰ । ডি এন এ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালক গতাই দিব আৰক্ষীয়ে ।

ওদালগুৰি, ২৮ ফেব্ৰুৱাৰী : কেনাৰাম বসুমতাৰী বনাম ডিম্বেশ্বৰ মুছাহাৰী আৰু অসম আৰক্ষীৰ বিতৰ্ক এতিয়াও মাৰ যোৱা নাই (Kenaram Basumatary encounter case) । আনহাতে, কেনাৰাম বসুমতাৰী এনকাউণ্টাৰ কাণ্ডৰ পিছৰে পৰা ইটোৰ পিছত সিটো অভিযোগৰ কাঠগড়াত থিয় দিবলগা হৈছে অসম আৰক্ষী (Assm police encounter Kenaram Basumatary) । লগতে অসম আৰক্ষীৰ শেহতীয়া কৰ্মকাণ্ডৰ ওপৰত প্ৰশ্নবোধকৰ সৃষ্টি হৈছে । অৱশ্যে এই সকলো বিতৰ্ক, সমালোচনাক আওকাণ কৰি অসম আৰক্ষীয়ে নিজৰ স্থানত সঠিক বুলি বাৰে বাৰে প্ৰতীয়মান নিয়াবলৈ চেষ্টা কৰি আহিছে ।

কিন্তু তাৰ মাজতে ওদালগুৰিৰ দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী এনকাউণ্টাৰ কাণ্ডই এক নতুন মোৰ লৈছে (Kenaram Basumatary vs Dimbeswar Mushahary case) । এফালে আৰক্ষীৰ দাবী ডকাইত কেনাৰাম বসুমতাৰীক এনকাউণ্টাৰ কৰা হৈছে, আনফালে পৰিয়াল তথা ৰাইজৰ দাবী কেনাৰাম বসুমতাৰী সজাই নিৰীহ কৃষক ডিম্বেশ্বৰ মুছাহাৰীক হত্যা কৰিছে অসম আৰক্ষীয়ে (Assam police Udalguri encounter case)। এই চাৰিদিনীয়া বিতৰ্ক তথা অভিযোগ-প্ৰতি অভিযোগৰ অন্ত অৱশেষত খান্দি উলিওৱা হ'ল ওদালগুৰিত আৰক্ষীৰ গুলীত নিহত বিভ্ৰান্তিকৰ মৃতদেহটো । উল্লেখ্য যে শুকুৰবাৰে আৰক্ষীৰ গুলীত নিহত হৈছিল লোকজনৰ ।

আনহাতে, আৰক্ষীৰ এনকাউণ্টাৰত নিহত লোকজনক কেনাৰাম বসুমতাৰী বুলি দাবী কৰিছিল আৰক্ষীয়ে । কিন্তু এই সংঘৰ্ষৰ পিছদিনা বাক্সাৰ এটা পৰিয়ালে মৃতদেহটো ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি দাবী কৰে । তাৰ পিছতে আৰম্ভ হয় বিতৰ্কৰ । প্ৰকৃততে আৰক্ষীয়ে কেনাৰাম বসুমতাৰী বুলি দাবী কৰা মৃতদেহটো কেনাৰামৰে হয়নে ? নে পৰিয়ালে দাবী কৰা মতে সেইটো ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ ? আৰক্ষীৰ ভুল ঢাকিবৰ বাবে ততাতৈয়াকৈ মৃতদেহটো সমাধিস্থ কৰাৰ ব্যৱস্থা কৰা হৈছিল নেকি ? এনেবোৰ সন্দেহ তথা প্ৰশ্নৰ অৱসান ঘটাবলৈ আৰু ডিম্বেশ্বৰৰ পৰিয়ালৰ আবেদনৰ ভিত্তিতেই দণ্ডাধীশৰ উপস্থিতিত সোমবাৰে খান্দি উলিওৱা হয় মৃতদেহটো ।

সোমবাৰে সন্ধিয়া প্ৰায় ৬.২৫ বজাত দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হয় মৃতদেহটো । উল্লেখ্য যে, ওৰাঙৰ পাঁচনৈ নদীৰ পাৰত পুতি থোৱা হৈছিল মৃতদেহটো । ইফালে ডিম্বেশ্বৰৰ পৰিয়ালে মৃতদেহটো প্ৰত্যক্ষ কৰি ১০০ শতাংশই মৃতদেহটো ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি দাবী কৰিছে । মুখমণ্ডল আৰু সাজ-পোছাকত মৃতদেহটো চিনি পোৱা বুলি ডিম্বেশ্বৰৰ পৰিয়ালে ভাষ্য আগবঢ়াইছে । জানিব পৰা মতে, বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ মৰ্গত আছে বিভ্ৰান্তিকৰ মৃতদেহটো । মৃতদেহটোৰ DNA পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিয়া হ'ব । আনহাতে, মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ চিআইডি আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ।

উল্লেখ্য যে 24 ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীৰ এজন লোক গুলীত নিহত হৈছিল ৷ আৰক্ষীয়ে দাবী কৰিছিল যে উক্ত লোকজন আছিল কুখ্যাত ডকাইত কেনাৰাম বসুমতাৰী ৷ কিন্তু তাৰ পিছতে এক নতুন বিতৰ্কই গা কৰি উঠে । এগৰাকী মহিলাই দাবী কৰে যে আৰক্ষীৰ গুলীত নিহত লোকজন ডিম্বেশ্বৰ মুছাহাৰীহে ৷ এই দাবী কৰা মহিলাগৰাকী হৈছে খোদ ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী ৷ আনহাতে, কেনাৰাম বসুমতীৰ পৰিয়ালেও মৃতদেহটো কেনাৰামৰে বুলি দাবী কৰে (Rowta encounter update) ৷ ফলত সৃষ্টি হয় এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ ।

এই বিতৰ্ক আৰু বিভ্ৰান্তি দূৰ কৰিবলৈয়ে ওৰাঙৰ পাণবাৰীৰ পাচনৈ নদীৰ কাষত পুতি থোৱা মৃতদেহটো জিলা দণ্ডাধীশৰ উপস্থিতিত সোমবাৰে খান্দি উলিওৱা হয় ।

লগতে পঢ়ক :Arunachali holding a Assam woman: অসমৰ মহিলাক আৱদ্ধ কৰি স্বামীক খেদিলে অৰুণাচলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.