ETV Bharat / state

BJP PR program: অসমত এতিয়া শান্তিৰ মলয়া; কংগ্ৰেছৰ দিনত আছিল জংঘলৰাজ: বিধায়ক ৰূপজ্যোতিৰ অনুভৱ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 6:12 PM IST

Lok sabha election 2024
BJP PR program in Udalguri

অহা লোকসভা নিৰ্বাচনত তিনি গগৈৰ এজনো জয়ী নহয় বুলি দৃঢ় বিশ্বাসী বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ প্ৰয়োজনত বাওঁহাতৰ কেঞা আঙুলিৰে সেই কথা লিখি দিবলৈও প্ৰস্তুত বিধায়কগৰাকী ৷ অসমত এতিয়া শান্তিৰ মলয়া বলিছে বুলিও মন্তব্য বিধায়ক কুৰ্মীৰ ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য

ৰৌতা, ১৮ অক্টোবৰ: ‘‘লোকসভা নিৰ্বাচনত তিনি গগৈয়ে নাপায় এখনো আসন । পাব এটা বিগ জিৰো । বিজেপিয়ে 12 খন, ইউ পি পি এলে এখন আৰু অন্য দলে এখন আসন লাভ কৰিব ৷ কিন্তু কংগ্ৰেছ আসন শূন্য হ’ব ৷’’ ওদালগুৰিত বুধবাৰে এই মন্তব্য কৰে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ মঙলবাৰে কংগ্ৰেছ সভাপতি ভূপেন বৰাক কুফা বুলি কটাক্ষ কৰাৰ পিচত বুধবাৰে তিনি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় বিধায়কগৰাকীয়ে ৷

ওৰাঙত সাংবাদিকৰ আগত তিনি গগৈ ক্ৰমে লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈয়ে অহা লোকসভা নিৰ্বাচনত এখনো আসন লাভ নকৰে বুলি উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে তেওঁ এই কথা বাওঁ হাতেৰে বা কেঞা আঙুলিৰে লিখি দিব পাৰে ৷ বিজেপি আৰু ইউ পি পি এলে 12+1 আসন লাভ কৰাৰ বিপৰীতে বাকী থকা আসনখন অন্য দলে লাভ কৰিব বুলি কয় কুৰ্মীয়ে ৷ সেই অন্য দলটো কিন্তু কংগ্ৰেছ নহয় বুলিও এক ইংগিত দিয়ে বিধায়কগৰাকীয়ে ৷ সাংবাদিকে সেই দলটো এ আই ইউ ডি এফ হ’ব পাৰে নেকি বুলি সোধাত কৌশলগতভাৱে উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিধায়ক ৰূপজ্যোতি ৷

ইফালে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কুফা বুলি কোৱাৰ পাচত বুধবাৰেও কংগ্ৰেছ দলক উদ্দেশ্যি মন্তব্য কৰা দেখা যায় বিধায়কগৰাকীক ৷ বৰ্তমান বিজেপিৰ নেতৃত্বত অসমত জংঘলৰাজ চলি থকা বুলি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ৰূপজ্যোতি কুৰ্মীয়ে কয় যে প্ৰকৃততে কংগ্ৰেছৰ দিনতহে জংঘলৰাজ চলিছিল ৷ বৰ্তমান অসমত শান্তি বিৰাজ কৰিছে । শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA ৰ দৰে কঠোৰ আইনো প্ৰত্যাহাৰ কৰা হৈছে ।

উল্লেখ্য যে আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে প্ৰতিখন জিলাতে দলৰ ভেটি অধিক মজবুত কৰাত গুৰুত্ব দিয়া দেখা গৈছে ৷ সেই উদ্দেশ্যে ৰূপজ্যোতি কুৰ্মীয়ে তিনি দিনে বাহৰ পাতিছে ওদালগুৰিৰ মাজবাটত । ওদালগুৰি জিলা বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে তীব্ৰ অসন্তুষ্টিৰে দল ত্যাগ কৰি বিপিএফ আৰু অন্যান্য দলত যোগদান কৰিছে । যাৰ বাবে দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ ইখনৰ পিচত সিখন সভা অনুষ্ঠিত কৰিছে বিজেপিয়ে ৷

লগতে পঢ়ক: Rupjyoti Kurmi slams Bhupen Bora: ভূপেন বৰাৰ নামেই পাহৰিছে ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.