ETV Bharat / state

AAGSU Protest : বিটিআৰত মাটিৰ অধিকাৰৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ গণ হুংকাৰ

author img

By

Published : Dec 21, 2022, 7:22 PM IST

ৰৌতাৰ ধনশ্ৰীঘাটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী গণ হুংকাৰ (Gorkha Students Union protests in Rowta) । ভূমিৰ অধিকাৰৰ লগতে বিভিন্ন দাবীত বুধবাৰে ৰৌতাৰ ধনশ্ৰীঘাটত এই গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে গোৰ্খা ছাত্ৰ সন্থাই ।

Gorkha
Gorkha

বিটিআৰত মাটিৰ অধিকাৰৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ গণ হুংকাৰ

ৰৌতা, ২১ ডিচেম্বৰ : ৰৌতাৰ ধনশ্ৰীঘাটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী গণ হুংকাৰ (Gorkha Students Union protests in Rowta) । ভূমিৰ অধিকাৰৰ লগতে বিভিন্ন দাবীত বুধবাৰে ৰৌতাৰ ধনশ্ৰীঘাটত এই গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে গোৰ্খা ছাত্ৰ সন্থাই (All Assam Gorkha Students Union protest) ।

উল্লেখ্য, বিটিআৰ (BTR) গঠন হোৱাৰ পিছত উক্ত অঞ্চলটোত বসবাস কৰা গোৰ্খাসকলৰ লগতে অন্যান্য জনগোষ্ঠীৰ‌ লোকসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন চেত্ৰীৰ (AAGSU demand land rights in BTR) । আনহাতে, বিটিআৰত ১২ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈকে চলি থকা ভূমি মেলাক নাটক আখ্যা দিয়ে গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে (Bhumi Mela in BTR) । এই সন্দৰ্ভত দুখীয়া শ্ৰেণীৰ পৰা চলে বলে কৌশলে মাটি দখল কৰাৰ মেলা বুলি কটাক্ষ কৰে আগছুৰ প্ৰাক্তন সভাপতি ভাস্কৰ দাহালে ।

লগতে বিটিআৰত বসবাস কৰা সৰ্বসাধাৰণ ৰাইজক ফুটবলৰ দৰে ব্যৱহাৰ নকৰি সম-উন্নয়ন,সম-অধিকাৰ,সম-মৰ্যাদা প্ৰদান কৰাৰো দাবী উত্থাপন কৰে । অন্যথা আগন্তুক দিনত ইয়াৰ ফল ভুগিব লাগিব বুলি অসম চৰকাৰ (AAGSU warning to Warning to Assam Govt) তথা বিটিআৰ চৰকাৰক হুংকাৰ প্ৰদান কৰে দলটোৱে ।

ইফালে ইউ জি ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী, ৰণগৌৰা নাৰ্জাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কু-চিন্তা তথা কু-অভিসন্ধিৰ বাবে বিটিচিবাসীয়ে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'বলগা হোৱাৰ বিস্ফোৰক অভিযোগ কৰিছে প্ৰাক্তন সভাপতি ভাস্কৰ দাহালে (AAGSU warning to Warning to BTR Govt) । বিটিআৰ চৰকাৰৰ পৰা গোৰ্খাসকলৰ প্ৰাপ্য অধিকাৰৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত বুধবাৰে এই বিশাল প্ৰতিবাদী গণ হুংকাৰ কাৰ্যসূচী গ্ৰহণ কৰে ।

উল্লেখ্য, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ৰৌতাৰ ধনশ্ৰীঘাটত আয়োজিত গণ হুংকাৰ কাৰ্যসূচীত প্ৰায় দহ সহস্ৰাধিক লোক উপস্থিত থাকে । বিশাল জনসমাগমৰ উপস্থিতিত গণ হুংকাৰ কাৰ্যসূচীৰ জৰিয়তে বিটিআৰ চৰকাৰ, অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক চৰম সকীয়নি প্ৰদান কৰে গোৰ্খা ছাত্ৰ সন্থাই ।

অসম চৰকাৰে প্ৰদান কৰা সুৰক্ষিত শ্ৰেণীৰ অধিসূচনা বিটিআৰত অনতি পলমে কাৰ্যকৰী কৰা, বিটিআৰত বসবাস কৰা গোৰ্খাসকলক বিনাচৰ্তে ম্যাদী পট্টা প্ৰদান কৰাৰ লগতে বিটিআৰত গোৰ্খাসকলৰ পৈতৃক সম্পত্তি হস্তান্তৰকৰণ সৰলীকৰণ কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৱে বিশাল প্ৰতিবাদী গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত প্ৰতিবাদী সভাত বিভিন্ন চৰকাৰ-বিৰোধী শ্লোগানেৰে প্ৰতিবাদস্থলীৰ পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক :Manipur tragic Accident : শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত 7 শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.