ETV Bharat / state

Rowta Police Encounter : ৰৌতা এনকাউন্টাৰৰ তদন্তৰ বাবে ঘটনাস্থলীত চিআইডিৰ দল

author img

By

Published : Mar 2, 2023, 7:46 PM IST

CID team investigate Rauta Encounter
ৰৌতা এনকাউন্টাৰৰ তদন্তৰ বাবে ঘটনাস্থলীত অমৃত ভূঞাৰ নেতৃত্বত তিনিজনীয়া চিআইডিৰ দল

ৰৌতা এনকাউণ্টাৰৰ ঘটনাই প্ৰতিমুহুৰ্ততে সলাইছে দৃশ্যপট (Rowta Police Encounter) ৷ মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিচতেই ৰৌতাৰ এনকাউণ্টাৰস্থলীত উপস্থিত হৈছে চি আই ডি বিষয়া অমৃত ভূঞাৰ নেতৃত্বত এটা তিনিজনীয়া দলে(CID investigate Rauta Encounter) ৷

ৰৌতা এনকাউন্টাৰৰ তদন্তৰ বাবে ঘটনাস্থলীত অমৃত ভূঞাৰ নেতৃত্বত তিনিজনীয়া চিআইডিৰ দল

ৰৌতা, 2 ফেব্ৰুৱাৰী: ৰৌতা এনকাউণ্টাৰৰ ঘটনা উত্তেজনা মাৰ যোৱা নাই (Police encounter in Udalguri) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিচতেই ওদালগুৰিৰ ৰৌতাৰ দৈফাঙৰ মাথী দৈমাৰীৰ বাসগৃহত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ বাবে বৃহস্পতিবাৰে চি আই ডিৰ এটা দল উপস্থিত হয় (CID investigate Rauta Encounter) ৷ চি আই ডি বিষয়া অমৃত ভূঞাৰ নেতৃত্বত অহা তিনিজনীয়া দলটোৱে পোনতে ৰৌতা থানাত উপস্থিত হোৱাৰ পিচতেই মাথী দৈমাৰীৰ বাসগৃহত উপস্থিত হৈ বহু সময় ধৰি সোধাপোছা কৰে (Rowta Police Encounter) ৷

উল্লেখ্য যে, যোৱা 24 তাৰিখে আৰক্ষীৰ গুলীত ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰৰ এক ঘটনা সংঘটিত হৈছিল ৷ আৰক্ষীয়ে কুখ্যাত ডকাইতক লক্ষ্য কৰি গুলী কৰিছিল যদিও আৰক্ষীৰ গুলীত নিহত হৈছিল কেনাৰামৰ সতীৰ্থ ডিম্বেশ্বৰ মুছাহাৰী নামৰ লোকজনকহে ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ কেনাৰামক হত্যা কৰাৰ পিচতে কেনাৰামৰ মৃতদেহ ঘৰৰ লোকক চমজাই দিছিল আৰক্ষীয়ে ৷ ইফালে কেনাৰামৰ পত্নীয়েও মৃতদেহটো কেনাৰামৰ বুলি দাবী কৰিছিল ৷

এই ঘটনাৰ পিচতে ওৰাঙৰ নতুন পানবাৰীৰ পাঁচনৈ পাৰত সমাধিস্থ কৰা ডিম্বেছৰ মুছাহাৰীৰ মৃতদেহ বিচাৰি পত্নী আৰু পৰিয়ালৰ লোক উপস্থিত হয়গৈ ৷ ডিম্বেছৰ মুছাহাৰীৰ পত্নীয়ে স্বামীৰ মৃত্যুৰ খবৰ পাই ততালিকে ডিম্বেশ্বৰৰ মৃতদেহটো খান্দি উলিয়াবলৈ আৰক্ষীক দাবী কৰিছিল ৷ আনকি ডিম্বেশ্বৰ পত্নীয়ে আৰক্ষীয়ে মৃতদেহটো খান্দি নুলিয়ালে নিজেই খান্দি উলিয়াম বুলিও ভাবুকি দিছিল আৰক্ষীক ৷

তাৰ পিচতে সোমবাৰে আৰক্ষীয়ে ডিম্বেশ্বৰৰ মৃতদেহটো খান্দি উলিওৱাৰ পিচত এই মৃতদেহটো কেনাৰামৰ পৰিৱৰ্তে ডিম্বেশ্বৰৰ মৃতদেহ বুলি চিনাক্ত কৰা হৈছিল (Confusion in Rowta Police Encounter case) ৷ মৃতদেহ বিভ্ৰান্তি ঘটনাই প্ৰতিদিনে নতুন মোৰ লৈছিল ৷ ইফালে কেনাৰামৰ পত্নীয়ে স্বামীৰ মৃত্য়ুৰ খবৰে তেওঁক বিতত কৰি তোলাৰ বাবে তেওঁ কেনাৰামৰ মৃতদেহ বুলি ভবা বুলি কৰা মন্তব্যই এই ঘটনাক ৰহস্যৰ মাজলৈ ঠেলি দিছিল ৷ এই সন্দৰ্ভত আৰক্ষীয়েই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৷

যোৱা 28 ফেব্ৰুৱাৰীত জনতা ভৱনৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰৌতাৰ এনকাউণ্টাৰৰ সন্দৰ্ভত কৈছিল যে ইয়াত লোকজনৰ কথাই নাহে (Assam CM reacts on Rowta Police Encounter) ৷ আৰক্ষীক গুলীওৱাৰ বাবেহে আৰক্ষীয়ে গুলীয়াইছিল ৷ আৰক্ষীয়ে লোকজন কেনাৰাম নে ডিম্বেশ্বৰ সেইবোৰ বুলি চাই গুলীওৱা নাছিল ৷ সমগ্ৰ ঘটনাটো সন্দৰ্ভত চি আই ডিক তদন্ত দিয়া হৈছে বুলি সদৰী কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চিআইডিৰ তদন্তৰ পিচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল ৷

আজি এনকাউণ্টাৰৰ ঘটনাস্থলীত উপস্থিত হৈ চিআইডিৰ তদন্তকাৰী দলটোৱে সোধা পোছা কৰাৰ লগতে সকলো প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰে ৷ সংবাদমাধ্যমক এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে দলটোৱে ৷

লগতে পঢ়ক: Assam CM on Rowta Encounter: কেনাৰাম বা ডিম্বেশ্বৰ বুলি চাই চাই আৰক্ষীয়ে গুলীচালনা কৰা নাছিল; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.