ETV Bharat / state

Brutal murder in Udalguri: কাঠ ফলা মেচিনত সুমুৱাই ৮ বছৰীয়া শিশুক হত্যা

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 2:53 PM IST

ওদালগুৰিত নৃশংস ঘটনা । কাঠ ফলা মেচিনত সুমুৱাই ৮ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগ । ঘটনাৰ প্ৰত্যক্ষদৰ্শী আন এটি শিশুৰ চাঞ্চল্যকৰ ভাষ্যই জোকাৰিছে সমগ্ৰ অঞ্চল ।

Allegedly brutally murdered a child in Udalguri
কাঠ ফলা মেচিনত সুমুৱাই ৮ বছৰীয়া শিশুক হত্যা

কাঠ ফলা মেচিনত সুমুৱাই ৮ বছৰীয়া শিশুক হত্যা

ওদালগুৰি,১১ নৱেম্বৰ: ওদালগুৰিৰ মেধিপাৰাত চাঞ্চল্যকৰ ঘটনা । কাঠ ফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা কৰাৰ বিস্ফোৰক অভিযোগ । প্ৰত্যক্ষদৰ্শী কণমানি কিশোৰীৰ শিহৰণকাৰী বৰ্ণনা । মজনু আলী নামৰ লোকজনে ইচ্ছাকৃতভাৱে কণমানি শিশুটিক মূৰত কাটাৰ লগাই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ । থানাত এজাহাৰ দিয়াত বাধা একাংশ দালাল আৰু অবৈধ মিলটোৰ মালিক মইনুল হকৰ ।

জানিব পৰা মতে দেওবাৰে ওদালগুৰি জিলাৰ সাপমাৰি আৰক্ষী চকীৰ অন্তৰ্গত মেধিপাৰা গাঁৱৰ আজাত আলীৰ ৮ বছৰীয়া পুত্ৰ ৰছিদ আনছাৰিক অবৈধ কাঠ মিলৰ কৰ্মচাৰী মজনু আলীয়ে হত্যা কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে । কণমানি প্ৰত্যক্ষদৰ্শী আৰু পৰিয়ালৰ বিৱৰণ অনুসৰি, দেওবাৰে আজাত আলীৰ ঘৰৰ পিছফালে থকা M/S AKTAR FURNITURE /TIMBER SHOP নামৰ মিলত ৮ বছৰীয়া পুত্ৰ ৰছিদ আনছাৰি ক্ৰিকেট বেট বনাবলৈ গৈছিল ।

মিলটোত কাম কৰি থকা কৰ্মচাৰী মজনু আলীয়ে বিদ্যুৎ চালিত কাঠ কাটাৰত ইচ্ছাকৃতভাৱে কণমানিটিৰ মূৰত হেচি ধৰাৰ অভিযোগ উত্থাপন কৰে প্ৰত্যক্ষদৰ্শী আন এটি কনমাণিয়ে । ওচৰতে থকা কণমানি আনটি শিশুৱে চিঞৰ-বাখৰ কৰিবলৈ লওতেই ঘটনাস্থলীৰ পৰা পলা‌য়ন কৰে মজনু আলী । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ল'ৰাজনক চিকিৎসালয়লৈ লৈ যাওতেই আধা বাটতে মৃত্যু হয় । পিছত আৰক্ষীৰ সহায়ত মৰণোত্তৰ পৰীক্ষা কৰি সোমবাৰে জানাজা সম্পন্ন কৰা হয় শিশুটিৰ ।

কিন্তু ৰহস্যজনকভাৱে ঘটনাৰ তিনিদিন উকলি যোৱাৰ পিছতো থানাত এজাহাৰ দাখিল কৰা নাছিল বুলি জানিব পৰা গৈছে । একাংশ দালাল আৰু অবৈধ মিলটোৰ মালিক মইনুল হকে মেনেজৰ চেষ্টা চলায় পৰিয়ালক । অৱশেষত বুধবাৰে ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাৰ পিছত হত্যাৰ অভিযুক্ত মজনু আলী, মিলটোৰ মালিক মইনুল হক আৰু মাৰফত আলীৰ বিৰুদ্ধে এজাহাৰ লিখি থানালৈ গৈ নাপাওঁতেই ৰহস্যজনকভাৱে এজাহাৰৰ পৰা মইনুল হক আৰু মাৰফতৰ নাম নোহোৱা হৈ পৰে ।

একাংশ দালালৰ হেঁচাত আধবাটতে এজাহাৰ সলনি হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । বিষয়টো তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী পৰিয়ালৰ । ইফালে বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ গাঁৱত এইদৰে কাঠফুলাৰ দৰে গঢ়ি উঠিছে ঘাটকৰূপী অবৈধ কাঠফলা মিল । পিছে এনে কাঠ ফলা মিলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Massive fire:দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিত ভংয়কৰ অগ্নিকাণ্ডৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.