ETV Bharat / state

ওদালগুৰিৰ 22 জন চিকিৎসা কৰ্মীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ

author img

By

Published : Jun 2, 2020, 10:07 PM IST

ওদালগুৰিৰ 22 জন চিকিৎসা কৰ্মীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ
ওদালগুৰিৰ 22 জন চিকিৎসা কৰ্মীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ

আজি ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ 22 জন চিকিৎসাকৰ্মীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয়। কোৱাৰেন্টাইনত প্ৰেৰণ কৰা 22 জনীয়া চিকিৎসা কৰ্মীৰ দলটোত আছে 3 গৰাকী চিকিৎসক,12 গৰাকী নাৰ্চ, 3 গৰাকী লেবৰেটৰী টেকনিচিয়ান,3 গৰাকী ক্লিনাৰ আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷

ওদালগুৰি, 2 জুনঃ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কোভিড-19 মহামাৰীত আক্ৰান্ত লোকসকলক চিকিৎসা কৰি থকা ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো চিকিৎসাকৰ্মীৰ দলক আজি কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰা হয় ।

চিকিৎসাকৰ্মীৰ দলটোক জিলাখনৰ ভৈৰৱকুণ্ডত থকা ধনশ্ৰী ৰিজৰ্টত কোৱাৰেন্টাইন কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জনাইছে । আজি কোৱাৰেন্টাইনত প্ৰেৰণ কৰা 22 জনীয়া চিকিৎসাকৰ্মীৰ দলটোত আছে 3গৰাকী চিকিৎসক,12গৰাকী নাৰ্চ,3 গৰাকী লেবৰেটৰী টেকনিচিয়ান,3 গৰাকী ক্লিনাৰ আৰু এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰী ।

ওদালগুৰি অসামৰিক চিকিৎসালয়ত আজি পৰ্যন্ত 26 জনকৈ কোভিড-19 আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে । আনহাতে বহিঃৰাজ্যৰ পৰা আজিলৈ 2118গৰাকী লোক ওদালগুৰি জিলাত আহি উপস্থিত হোৱা বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে । ইপিনে সোমবাৰলৈ জিলাখনৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত থকা 740 জন লোকক মুকলি কৰি হোম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

লগতে চাওকঃ জি-৭ত ৰাছিয়াৰ প্ৰত্যাৱৰ্তনত বিৰোধিতা ব্ৰিটেইন আৰু কানাডাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.