ETV Bharat / state

World Tourism day 2023: তিনিচুকীয়া পৰ্যটক গাইড এচ’চিয়েনৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:29 AM IST

Tourist day 2023
বিশ্ব পৰ্যটন দিৱস উদযাপন

গুইজান ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ৰ প্ৰেক্ষাগগৃহত তিনিচুকীয়া পৰ্যটক গাইড এচ’চিয়েনৰ উদ্যোগত আয়োজন বিশ্ব পৰ্যটন দিৱস ৷ এই বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱা ৷

তিনিচুকীয়া, 28 ছেপ্টেম্বৰ : প্ৰতি বছৰে 28 ছেপ্টেম্বৰৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাবে পালন কৰা হয় । সেয়ে গুইজান ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ৰ প্ৰেক্ষাগগৃহত তিনিচুকীয়া ট্যুৰিষ্ট গাইড এচোচিয়েনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা ৷

বহু সংখ্যক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিধায়ক পোনাকণ বৰুৱাই কয়, ‘‘প্ৰাকৃতিক সম্পদৰে ভৰপুৰ অসমত পৰ্যটনৰ অলেখ সম্ভাৱনা আছে । আমাৰ অঞ্চলতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে ৷ মাগুৰি মতাপুং বিল আছে ৷ ব্ৰহ্মপুত্ৰ-ডিব্ৰু-লুইত-অনন্ত নলাৰ সৈতে সংলগ্ন ছিয়াং-দিবাং নদীৰ সংগম স্থলী আছে ৷ মায়ামৰা দিনজয় সত্ৰ, গড়পাৰা, বগৰিতলীয়া সত্ৰ আছে ৷ লগতে মটক ৰজা সৰ্বানন্দ সিংহৰ মৈদাম, পানীতোলা বৰ নামঘৰ, অসমৰ প্ৰথমখন চাহ বাগান চাবুৱা চাহ বাগিচাকে ধৰি অলেখ চাহ বাগিচা আছে’’ ৷

তেওঁ আৰু কয়, ‘‘বাগিচাৰ ধুনীয়া ধুনীয়া বাংলোবোৰৰ লগতে খাৰজান গল্ফ ফিল্ড আছে ৷ এইবোৰৰ উপৰিও মৰাণ, মটক জনগোষ্ঠীয় লোক কলা কৃষ্টি, গছ তলৰ বিহু, মাদলৰ ছেৱত উঠলি উঠা ঝুমুইৰ নৃত্য সৰ্বোপৰি আছে ৷ লাইকা-দধীয়াৰ জনজাতীয় জীৱন শৈলী, ঐনিতম ইত্যাদি ৷ তাৰোপৰি আছে দিনজান সামৰিক ছাউনী, চাবুৱা এয়াৰ ফৰ্ছ ষ্টেছন, পানীতোলা দিনজান অঞ্চলত দ্বিতীয় বিশ্ব যুদ্ধত মৃত্যু হোৱা সৈনিকসকলৰ সৰু সৰু যুদ্ধ স্মাৰকসমূহ’’ ।

বিশ্ব পৰ্যটন দিৱসৰ এই অনুষ্ঠানত বিধায়ক পোনাকণ বৰুৱাই ৰাইজক উদ্দেশ্যি আৰু কয়, ‘‘অসমত আৰু অলেখ পৰ্যটন স্থলী, বনভোজ স্থলীৰ লগতে গুইজানত আছে নদী ভ্ৰমিবলৈ ধুনীয়া ধুনীয়া নাও, বিন্ধাকটাতো পাব ফাইটাৰ । গতিকে সকলোকে নিমন্ত্ৰণ জনাইছো আমাৰ অঞ্চলটোলৈ’’ ।

উক্ত অনুষ্ঠানটোত বিধায়ক পোনাকণ বৰুৱাৰ লগতে অসম গৌৰৱ সন্মান লাভ কৰা পৰিৱেশ কৰ্মী বিনন্দ হাতীবৰুৱাকে আদি কৰি কেইবাগৰাকীও স্থানীয় গণ্যমান্য ব্যক্তি আৰু তিনিচুকীয়া পৰ্যটক গাইড এচ’চিয়েনৰ সদস্য-সদস্যাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : Pragjyotishpur Literature Festival: 29 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.