ETV Bharat / state

Pragjyotishpur Literature Festival: 29 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:48 AM IST

29 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ । 29 ছেপ্টেম্বৰৰ পৰা আয়োজিত এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মিলিন্দ মাৰাথে আৰু ৰুবিকা লিয়াকৎ ৷

Pragjyotishpur Literature Festival To be held in Guwahati
প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ বাবে প্ৰস্তুতি

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ বাবে প্ৰস্তুতি

গুৱাহাটী, 28 ছেপ্টেম্বৰ : শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অহা 29 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ গুৱাহাটীৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ আৰু সাহিত্য সভা ভৱনত আয়োজন কৰা হৈছে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ । এই উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মিলিন্দ সুধাকৰ মাৰাথে আৰু সাংবাদিক ৰুবিকা লিয়াকৎ । বুধবাৰে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে আয়োজন সমিতিৰ সভাপতি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্তই ।

ইয়াৰ লগতে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিদ্বয়ে কয়, এই সাহিত্য উৎসৱ ভাৰত তথা অসমৰ পুৰাতন ঐতিহ্য-পৰম্পৰা-সংস্কৃতিৰ সৈতে নতুন প্ৰজন্মক একাত্ম কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে । এই উৎসৱত বিভিন্ন বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব ৷ যেনে- চলচিত্ৰ বিষয়ক আলোচনা, বহু ভাষিক কবি সন্মিলন, প্ৰাইজমানি কুইজ প্ৰতিযোগীতা, কৰ্মশালা, গ্ৰন্থ উন্মোচন ইত্যাদি ।

আনহাতে প্ৰথমবাৰ আয়োজন কৰা এই উৎসৱত প্ৰতি বছৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা প্ৰতিষ্ঠিত সাহিত্যিক আৰু উদীয়মান সাহিত্যিক এই দুটা শিতানত বঁটা আগবঢ়োৱা হ’ব বুলিও উল্লেখ কৰে সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিদ্বয়ে ৷

সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুগৰাকীয়ে উল্লেখ কৰা অনুসৰি, প্ৰতিষ্ঠিত সাহিত্যিক বঁটাত থাকিব মানপত্ৰৰ লগতে নগদ 31 হাজাৰ টকা আৰু উপহাৰৰ টোপোলা ৷ ইফালে উদীয়মান সাহিত্যিক বঁটাত এখনি মানপত্ৰ, নগদ 21 হাজাৰ টকা আৰু এটা উপহাৰৰ টোপোলা থাকিব বুলি উল্লেখ কৰে সমিতিৰ বিষয়ববীয়াসকলে । ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলিও উল্লেখ কৰে সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুগৰাকীয়ে ৷

লগতে পঢ়ক : Bihu in Japan: জাপানক বিহু শিকালে অসম জীয়ৰী তথা শিক্ষয়িত্ৰী কৰৱী গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.