ETV Bharat / state

National Voters Day: তিনিচুকীয়াত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত ভোটাধিকাৰ সাব্যস্তৰ শপত বাক্য পাঠ

author img

By

Published : Jan 26, 2023, 10:12 AM IST

তিনিচুকীয়া জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত ত্ৰয়োদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস-২০২৩ উদযাপন ৷ এই উপলক্ষে আয়েোজিত সভাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে জিলাখনৰ এগৰাকী অতিৰিক্ত উপায়ুক্তই (National Voters Day 2023)। এই সভাতেই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষ্যে অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ বিজয়ী দলসমূহক পুৰস্কাৰ প্ৰদান কৰা হয় ।

National Voters Day at Tinsukia
তিনিচুকীয়াত ত্ৰয়োদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস-২০২৩

তিনিচুকীয়া, ২৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো বুধবাৰে তিনিচুকীয়া নির্বাচনী জিলাৰ উদ্যোগত ত্ৰয়োদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় (National Voters Day at Tinsukia)। এই উপলক্ষে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত সভাপতিত্ব কৰে উপায়ুক্ত নৰসিং পৱাৰে । নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াই আঁতধৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ সভাত আদৰণি ভাষণ আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতীয়ে । আদৰণি ভাষণত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে । এই বৰ্ষৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল থীম হৈছে "Nothing Like Voting I Vote For Sure"।

এই সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ ৰুদ্ৰ তাৰিয়াং আৰু মহকুমা কৃষি বিষয়া (কুঁহিয়াৰ উন্নয়ন) ৰজিত দত্ত (13th National Voters Day)। সমল ব্যক্তি ৰজিত দত্তই ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি সুস্থ গণতান্ত্ৰিক ৰাষ্ট্ৰ নিৰ্মাণত যুৱ ভোটাৰসকলে বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি উল্লেখ কৰে । প্ৰতি গৰাকী যোগ্য ভোটৰে দায়িত্বসহকাৰে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিলেহে দেশৰ গণতান্ত্ৰিক ভেটি সুদৃঢ় হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

National Voters Day at Tinsukia
তিনিচুকীয়াত ত্ৰয়োদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস-২০২৩

সভাখনত উপস্থিত লোকসকলে "ভাৰতৰ নাগৰিকসকলে গণতন্ত্ৰত পূৰ্ণ আস্থা ৰাখি দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যাদা অক্ষুন্ন ৰাখি তথা স্বতন্ত্ৰ, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ গৰিমা অক্ষুন্ন ৰাখি,নিৰ্ভীকভাৱে,ধৰ্ম,বৰ্ণ,জাতি,সম্প্রদায়,ভাষা অথবা অন্য কোনো প্রলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ সকলো নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ শপত বাক্য পাঠ কৰে । এই সভাখনতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ বিজয়ী দলসমূহক উপায়ুক্ত নৰসিং পৱাৰে পুৰস্কাৰ প্ৰদান কৰে (Quiz Competition at Tinsukia on National Voters Day) ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে একাদশ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা শাখাত অনুস্থিত কুইজ প্ৰতিযোগিতাত জিলাখনৰ ৩০ খন বিদ্যালয়-মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাখনিত প্ৰথম স্থান লাভ কৰে শদিয়া মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ দ্বিতীয় বৰ্ষৰ সুদিপ্ত চেতিয়া আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কল্লোল গগৈয়ে । আনহাতে,দ্বিতীয় স্থান লাভ কৰে গুৰু টেগ বাহাদুৰ একাডেমি তিনিচুকীয়াৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰাঞ্জল দেৱ আৰু অভিষেক কুমাৰ দাসে ।

এই প্ৰতিযোগিতাখনিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় লাইপুলি তিনিচুকীয়াৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সুদিপ্তা কৌশিক শৰ্মা আৰু উদয় বৰ্মা আৰু চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কুইন দুৱাৰা আৰু গৌৰী বড়াই তৃতীয় স্থান যুটীয়াভাবে লাভ কৰে । কুইজ প্ৰতিযোগিতাত বিশেষভাবে পাৰদৰ্শিতা দেখুওৱা জনতা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ৰোহিত বৰগোহাঁই আৰু মনজিত ৰবি দাস,চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ মনজুৰি চাওৰাক আৰু পাৰ্থজিৎ দাসকো পুৰস্কৃত কৰা হয় ।

আনহাতে, নিৰ্বাচনী সংক্ৰান্তীয় কাম-কাজত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত তিনিচুকীয়া বিধানসভা, ডিগবৈ বিধানসভা আৰু ডুমডুমা বিধানসভাৰ ৫ গৰাকীকৈ বিএলঅ'ক পুৰস্কৃত কৰা হয় । এই সভাখনতেই উপায়ুক্ত নৰসিং পৱাৰে সকলোকে নিষ্ঠা তথা দায়িত্বসহকাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । নিৰ্বাচনীৰ কাম-কাজত জড়িত সকলোকে এক নিখুঁত ভোটাৰ তালিকা প্ৰস্তুত কৰিবৰ বাবেও তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক:Drugs peddler arrested in Nagaon: গণৰাজ্য দিৱসৰ বাবে চলোৱা তালাচীত ড্ৰাগছসহ এজন আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.