ETV Bharat / state

তিনিচুকীয়াত এদিনতে দুটাকৈ শোকাৱহ দুৰ্ঘটনা, এজনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 9:21 AM IST

two accidents on same day in Tinsukia
তিনিচুকীয়াত এদিনতে দুটাকৈ শোকাৱহ দুৰ্ঘটনা

তিনিচুকীয়া জিলাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত এজন কৰ্মচাৰী থিতাতে নিহত হোৱাৰ লগতে এজন আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হয় ৷

তিনিচুকীয়াত এদিনতে দুটাকৈ শোকাৱহ দুৰ্ঘটনা

তিনিচুকীয়া, 17 নৱেম্বৰ : বৃহস্পতিবাৰ অৰ্থাৎ 16 নৱেম্বৰৰ দিনটোত তিনিচুকীয়া জিলাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত এজন কৰ্মচাৰী থিতাতে নিহত হয় ৷

প্ৰথমটো দুৰ্ঘটনা বিয়লি প্ৰায় 4 বজাত মাকুম চহৰৰ সমীপৰ আনন্দবাগ চাহ বাগিচাৰ বাইপাছত সংঘটিত হয় । বাইপাছেৰে মাকুমৰ দিশে আহি থকা AS06 BC3050 নম্বৰৰ ডাম্পাৰখনত AS23 W2863 নম্বৰৰ মাৰুতী চুজুকি ব্ৰেজা বাহন এখনে তীব্ৰবেগেৰে খুন্দা মাৰে । এই দুৰ্ঘটনাটোত মাৰ্ঘেৰিটাৰ পৰা নিজ কৰ্তব্য সমাপন কৰি আহি থকা এজন আৰক্ষী বিষয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়ে ৷ ভয়ংকৰ দুৰ্ঘটনাটোত ব্ৰেজা বাহনখনৰ সন্মুখভাগ প্ৰায় ভাঙি চুৰমাৰ হোৱাৰ লগতে বাহনখনৰ এটা চকা এৰি যায় ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত মাকুম আৰক্ষী উপস্থিত হৈ বাহনখনত থকা আৰক্ষী বিষয়াজনক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

আনহাতে, দ্বিতীয়টো পথ দুৰ্ঘটনা সংঘটিত হৈছে জিলাখনৰ ডিগবৈত ৷ এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত ডিগবৈ ৰিফাইনেৰীৰ এগৰাকী কৰ্মচাৰী থিতাতে নিহত হয় ৷ নিহত কৰ্মচাৰীজনৰ নাম নাগাটদ্যুতি দাস বুলি জানিব পৰা গৈছে । মটৰ চাইকেলেৰে ডিউটিৰ পৰা ঘৰলৈ উভতা পথত PNB বেংকৰ সমীপত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে AS23 BC7093 নম্বৰৰ ডাম্পাৰখন জব্দ কৰাৰ লগতে ডাম্পাৰ চালকজনক আটক কৰিছে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক: Youth stabbed to death : যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.