ETV Bharat / state

ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছৰ কমিটিৰ

author img

By

Published : Mar 4, 2023, 11:04 PM IST

ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক ৷ এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছৰ কমিটিয়ে (Protests against cooking gas price hike ) ৷

Protests against cooking gas price hike
প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবাদী কাৰ্যসূচী

তিনিচুকীয়া, ৪ মাৰ্চ: বৰ্তমান বিজেপি শাসনাধিষ্ঠ চৰকাৰে বিভিন্ন দিশত ৰাইজৰ কথা আওকাণ কৰা পৰিলক্ষিত হৈছে ৷ এই চৰকাৰখনৰ দিনত মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছে । তাৰেই পৰিপ্ৰেক্ষিতত তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছ কমিটিয়ে বৰ্তমান দিনক দিনে বাঢ়ি অহা ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ বিজেপি চৰকাৰ বিৰুদ্ধে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথলৈ ওলাই আহি মাকুম ৰে’ল গেটৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protests against cooking gas price hike ) ।

উক্ত কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ কংগ্ৰেছ কমিটিৰ বিষয় ববীয়াৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰি শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ বিজেপি হায় হায়, বিজেপি নিপাত যাওক, অত্যাধিক মূল্যবৃদ্ধি হ্ৰাস কৰক, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, কংগ্ৰেছ লং লীভ, মহিলা কংগ্ৰেছ কমিটি জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে মাকুমৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

উক্ত প্ৰতিবাদস্থলীৰ পৰা জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভাপতি শোভা দহোতীয়া মৰাণে কয় যে (Tinsukia District Mahila Congress Committee), বিজেপি চৰকাৰখনে মহিলা সবলীকৰণৰ কথা কয় কিন্তু এতিয়া মহিলাই কেনেকৈ ঘৰ চলাব লগা হৈছে সেয়া অকনো বুজিবলৈ চেষ্টা নকৰে ৷ এগৰাকী মহিলাই দিনৰ অধিকাংশ সময়ত য’ত ব্যস্ত হৈ থাকিব লগা হয় তাৰেই অত্যাধিক মূল্যবৃদ্ধিৰ কাৰণে এতিয়া পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হ’বলৈ গৈ আছে ৷

শোভা দহোতীয়া মৰাণে লগতে কয়, উজ্জ্বলা আঁচনিৰ জৰিয়তে ৰন্ধন গেছ প্ৰদান কৰি এতিয়া ঘৰুৱা ৰন্ধন গেছৰ মূল্য পুনৰ ৫০ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে বাণিজ্যিক চিলিণ্ডাৰতো প্ৰায় ২৫০ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷ এয়া কেতিয়াও সহ্য কৰা নহ’ব ৷ অতি সোনকালে ৰন্ধন গেছৰ লগতে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক অন্যথা ৰাইজৰ সহযোগত মহিলা কংগ্ৰেছ কমিটিয়ে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব ৷

সমান্তৰালভাৱে, উক্ত কাৰ্যসূচীত তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰণৱ বৰুৱাই উপস্থিত থাকি শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে অতি সোনকালে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ লগতে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায় আৰু এনেদৰেই যদি অনাগত দিনত প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি থাকে তেন্তে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Bathou prayer and Kherai in Kokrajhar : তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আৰম্ভ বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.