ETV Bharat / state

তিনিচুকীয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

author img

By

Published : Jun 22, 2020, 12:50 PM IST

tinisukia-road-problem-SAIKHUWA_road_ Construction_ Corruption
তিনিচুকীয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

তিনিচুকীয়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ নিৰ্মাণ হোৱা পথত দুৰ্নীতি ৷ প্ৰায় ৪ কোটি ২২ লাখ টকা ব্যয় সাপেক্ষে ২০১৭-১৮ বৰ্ষত অনুমোদন হোৱা পথটো বৰ্তমানেও হোৱা নাই নিৰ্মাণ ৷ যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী ৷ অতি শীঘ্ৰে পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ দাইচা শাখা সমিতিৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ ৷

তিনিচুকীয়া,22জুন: তিনিচুকীয়া জিলাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ৷ জিলাখনৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত গাখিৰভেটী গাঁও পঞ্চায়তৰ অধীনৰ চামগুৰিৰ পৰা মিচিমিকটালৈ যোৱা পথটো ২০১৭-১৮ বৰ্ষতেই অনুমোদন লাভ কৰিছিল ৷ প্ৰায় ৪ কৌটি ২২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই পথটো বৰ্তমানলৈকে নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহ'ল ৷ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা মেচাৰ্চ এইচ. ডি. এন্টাৰপ্ৰাইজে পথছোৱাৰ ওপৰত কেইবাটাও কালভাৰ্ট নিৰ্মানতো অনিয়ম কৰিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে ৷ পথটোৰ এই অৱস্থাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ বিশেষভাৱে ৰোগীক চিকিৎসালয়ত অনাৰ ক্ষেত্ৰত অধিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় অঞ্চলবাসীয়ে ৷

তিনিচুকীয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

অন্য এক খবৰৰ বাবে: মানব সম্পদৰ সেৱাত নিয়োজিত এদল যোদ্ধা

ইফালে ৬.২০ কিলোমিটাৰ অনুমোদিত পথৰ কেৱল মাত্ৰ ৫.২০ কিলোমিটাৰহে নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ এইক্ষেত্ৰত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে মৰাণ ছাত্ৰ সন্থাৰ দাইচা শাখা সমিতিৰ লগতে আদিবাসী ছাত্ৰ সন্থাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.