ETV Bharat / state

Heated situation over drugs: ড্ৰাগছক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ কৰ্দৈগুৰিত নিশা উত্তপ্ত পৰিস্থিতি

author img

By

Published : Apr 4, 2023, 10:30 AM IST

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কৰ্দৈগুৰিৰ জকাইচুক গাঁৱত সোমবাৰে নিশা ড্ৰাগছক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ লগতে স্থানীয় ৰাইজে এটা ড্ৰাগছ সেৱনকাৰীকো কৰায়ত্ত কৰে । পলায়ন কৰা মন্টু মৰাণ নামৰ লোকজনে বিগত বহু বছৰৰ পৰাই অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।(Tense situation at Doom Dooma in Tinsukia) ।

Tense situation for Drugs in Tinsukia
ড্ৰাগছক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়াৰ কৰ্দৈগুৰিত ড্ৰাগছক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া, ৪ এপ্ৰিল: যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অভিযান ৷ আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ চুকে-কোণে বৰ্তমানেও উপলব্ধ হৈ আছে এই বৰবিহ ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ মাৰাত্মক ড্ৰাগছৰ কবলত পৰি বহুতৰে জীৱন ধ্বংস হোৱাৰ লগতে বহু সময়ত ড্ৰাগছ আসক্তৰ বহু পৰিয়ালো ধ্বংসৰ মুখলৈ গতি কৰা পৰিলক্ষিত হয় ৷

ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাতো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ জিলাখনৰ বিভিন্ন অঞ্চল বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজে ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীক সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াই আহিছে ৷ তথাপিও জিলাখনৰ ভিতৰুৱা গাঁওসমূহত একাংশ লোকে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় মুকলিকৈ চলাই আহিছে (Assam Police Drive Against Drugs) ৷

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কৰ্দৈগুৰিৰ জকাইচুক গাঁৱত সোমবাৰে নিশা ড্ৰাগছক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে এটা ড্ৰাগছ সেৱনকাৰীকো কৰায়ত্ত কৰে । মন্টু মৰাণ আৰু ৰঞ্জিত মৰাণ নামৰ দুজন লোকে ড্ৰাগছ সেৱন কৰি থকাৰ সময়তেই গাঁৱৰ ৰাইজ উপস্থিত হোৱাত মন্টু মৰাণ নামৰ লোকজন পলায়ন কৰে যদিও ৰঞ্জিত মৰাণক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Tense situation at Doom Dooma in Tinsukia) ৷

ইফালে পলায়ন কৰা মন্টু মৰাণ নামৰ লোকজনে বিগত বহু বছৰৰ পৰাই অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এই বিষয়ে বাঘজান আৰক্ষী থানাত বাৰম্বাৰ অভিযোগ দি আহিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগও উত্থাপন কৰিছে স্থানীয় ৰাইজে (Tense Situation prevailed at Night in Tinsukia)। সেয়েহে নিশাই স্থানীয় শ শ পুৰুষ -মহিলা উলাই আহি বাঘজান আৰক্ষীৰ ভুমিকাক লৈ ক্ষোভ প্ৰকাশ কৰে আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা তথা পলায়ন কৰা মন্টু মৰাণ নামৰ লোকজনক অতি শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ আৰক্ষীক দাবী জনাই (Public Caught Drug Addict in Tinsukia) ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মণ্টু মৰাণ নামৰ লোকজনে গাঁৱৰ যুৱক সংঘক লিখিতভাৱে ভৱিষ্যতে ড্ৰাগছৰ ব্যৱসায় নকৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এতিয়া পুনৰ এই লোকজনে ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰি অঞ্চলটোৰ যুৱ প্ৰজন্মক ধ্বংসৰ দিশে ঠেলি দিছে বুলি অভিযোগ কৰিছে ৰাইজে (Heated situation for Drugs in Tinsukia) ৷ এই ক্ষেত্ৰত বাঘজান আৰক্ষী থানাক বাৰম্বাৰ অৱগত কৰি অহাৰ পাছটো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ৰাইজে ৷ আৰক্ষীৰ এই নিষ্ক্ৰিয় ভুমিকাৰ মাজতে সোমবাৰে নিশা স্থানীয় ৰাইজে ড্ৰাগছ সেৱন কৰি থকাৰ অৱস্থাত মণ্টু মৰাণ আৰু ৰঞ্জিত মৰাণক হাতে-লোটে আৱিষ্কাৰ কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ মণ্টু মৰাণ স্থানীয় ৰাইজৰ হাতৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ সেয়েহে স্থানীয় ৰাইজে বাঘজান আৰক্ষীক আগন্তক ১২ ঘন্টাৰ ভিতৰত মণ্টু মৰাণক কৰায়ত্ব কৰাৰ দাবী জনাইছে (Tense situation for Drugs in Tinsukia) ৷

লগতে পঢ়ক: Arunachal liquor seized : খটখটীত লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.