ETV Bharat / state

নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বী হোৱা এজন লোক...

author img

By

Published : Nov 12, 2020, 10:35 PM IST

নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে তিনিচুকীয়াৰ জলীন চেতিয়া নামৰ লোকজনে ৷ বিগত 20 বছৰ ধৰি নাৰ্জী ফুলৰ খেতিৰ সৈতে জড়িত থাকি নিজৰ লগতে আৰু দহটা পৰিয়ালৰ ভৰসা হৈ পৰিছে লোকজন ৷

self reliant person with marigold flower business
নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বী হোৱা এজন লোক

তিনিচুকীয়া,12 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ এক পাৰ্শ্বৱৰ্তী অঞ্চল বাৰেকুৰী ন-মতাপুং গাঁৱৰ জলীন চেতিয়া নামৰ লোকজনে নাৰ্জী ফুলৰ খেতিৰে দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন ।

প্ৰায় দহ বিঘাৰো অধিক মাটিত নাৰ্জী ফুলৰ খেতি কৰি নিজৰ লগতে আৰু দহটা পৰিয়ালৰ ভৰসা হৈ পৰিছে জলীন চেতিয়া । অৱশ্যে এইবাৰ কৰ’ণা মহামাৰীৰ বাবে জলীন চেতিয়াই কিছু অসুবিধাত পৰিছে যদিও হাৰ নামানি নিজৰ ব্যৱসায় আগবঢ়াই নিছে লোকজনে ৷

নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বী হোৱা এজন লোক

উল্লেখ্য যে, জলীন চেতিয়াই 2000 চনৰ পৰাই অৰ্থাৎ বিগত 20 বছৰ ধৰি নাৰ্জী ফুলৰ খেতিৰ লগতে বিভিন্ন কৃষি-কৰ্মৰ লগত জড়িত হৈ আছে । তেওঁৰ নাৰ্জী ফুল তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন ঠাইলৈও প্ৰেৰণ কৰা হয় । নাৰ্জী ফুলৰ উপৰিও ৰজনীগন্ধা, জেব্ৰা আদি ফুলৰো খেতি কৰে স্বাৱলম্বী লোকজনে ।

লগতে পঢ়ক : দৰঙত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.