ETV Bharat / state

Planting of Trees in Tinsukia: 4 লাখ গছপুলি ৰোপনেৰে বিশ্ব অভিলেখৰ বাবে সাজু তিনিচুকীয়া জিলা প্ৰশাসন

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 9:42 AM IST

গছ পুলি ৰোপনেৰে বিশ্ব ৰেকৰ্ডৰ বাবে সাজু হৈছে তিনিচুকীয়া জিলা প্ৰশাসন ৷ 16 ছেপ্তেম্বৰত বিশ্ব ৰেকৰ্ডৰ বাবে ৰোপন কৰা হ’ব 50 বিধ ভিন্ন প্ৰকাৰৰ গছ ৷

Planting of Trees in Tinsukia
উলুপ পথাৰত 4 লাখ গছপুলি ৰোপনেৰে বিশ্ব অভিলেখৰ বাবে সাজু প্ৰশাসন

উলুপ পথাৰত 4 লাখ গছপুলি ৰোপনেৰে বিশ্ব অভিলেখৰ বাবে সাজু প্ৰশাসন

তিনিচুকীয়া, 13 ছেপ্তেম্বৰ : বিহু নাচৰ পাচত ‘‘গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড’’ৰ বাবে সাজু হৈছে তিনিচুকীয়া জিলা প্ৰশাসন ৷ গছ পুলি ৰোপনেৰে অভিলেখ গঢ়িবলৈ সাজু হৈছে জিলা প্ৰশাসন ৷ ‘‘অমৃত বৃক্ষ’’ আন্দোলনৰ অধীনত হ'ব লগীয়া বিশ্ব অভিলেখৰ সন্দৰ্ভত এখনি সংবাদমেল সম্বোধন কৰে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে ৷ জিলা আযুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ‘‘অমৃত বৃক্ষ’’ আন্দোলনৰ অধীনত হ'ব লগীয়া বিশ্ব অভিলেখৰ প্ৰস্তুতি আৰু কাৰ্যসূচী সম্পৰ্কে প্ৰকাশ কৰে সংবাদমেলত ৷

জিলা আয়ুক্ত গৰাকীয়ে কয়, ‘‘অমৃত বৃক্ষ’’ আন্দোলনৰ অধীনত জিলা প্ৰশাসনৰ উদ্যোগত আৰু বনবিভাগৰ সহযোগত 16 চেপ্তেম্বৰত মাৰ্ঘেৰিটাৰ ইন্ঠেম গাঁও পঞ্চায়তৰ অন্তৰ্গত উলুপ পথাৰত বৃক্ষৰোপণ কৰা হ’ব ৷ য’ত “গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড”ৰ সৃষ্টি হ’ব । উক্ত অনুষ্ঠানত 1 হেক্টৰ মাটিত 3.5 লাখ গছপুলি ৰোপনেৰে অসমৰ মানচিত্ৰ অংকন কৰাৰ লগতে মাজত অসম গৌৰৱ গঁড়ৰ এটা প্ৰতিচ্ছবি অংকন কৰি ‘‘গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড’’ কৰাৰ চেষ্টা কৰিম ৷’’

ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি সংবাদমেলৰ জৰিয়তে জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰাৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক এই গৌৰৱৰ ক্ষণৰ সাক্ষী হ’বলৈ 16 ছেপ্তেম্বৰত দিনৰ 11 বজাত উলুপ পথাৰত উপস্থিত হ’বলৈ আহ্বান জনাই ৷ ইয়াৰ লগতে তিনিচুকীয়া জিলাত 17 ছেপ্তেম্বৰত ‘‘অমৃত বৃক্ষ’’ আন্দোলনৰ সময়ত 4 লাখ গছপুলি ৰোপন কৰা হ’ব । লগতে 4 লাখৰো অধিক লোকে ইতিমধ্যে ৱেবচাই যোগে বিভিন্ন প্ৰান্তৰ ৰাইজে পঞ্জীয়ন কৰা বুলি সদৰী কৰে জিলা আয়ুক্তগৰাকীয়ে ৷ 50 বিধ বিভিন্ন প্ৰজাতিৰ লগতে ব্যৱসায়িকভাৱে লাভজনক গছ পুলি ৰোপন আৰু বিতৰণৰ প্ৰস্তুতি চলোৱা হৈছে বুলিও সংবাদমাধ্যৰ আগত মন্তব্য কৰে জিলা আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক :Protest in Tinsukia: তিনিচুকীয়াত নৈশ বাছ চালক-হেণ্ডিমেন সন্থাৰ প্ৰতিবাদত আবদ্ধ পাঁচ শতাধিক যাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.