ETV Bharat / state

উত্তপ্ত কাকপথাৰ : ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথত স্থানীয় ৰাইজ

author img

By

Published : Jul 5, 2021, 9:08 PM IST

সোমবাৰে উত্তপ্ত হৈ পৰিছে সমগ্ৰ কাকপথাৰ ৷ কাকপথাৰত দৈনিক বৃদ্ধি পোৱা ড্ৰাগছৰ লগতে বিভিন্ন মাদক দ্ৰব্যৰ বিৰুদ্ধে সৰৱ হৈ ওলাই আহিল হাজাৰ হাজৰ চাহ শ্ৰমিক আৰু স্থানীয় ৰাইজ ৷ ড্ৰাগছৰ বেহাকে ধৰি অসামাজিক কাৰ্যকলাপ চলাই অহা ঘৰ উচ্ছেদৰ বাবে প্ৰশাসনক আহ্বান জনায় প্ৰতিবাদী ৰাইজে ৷

public-protest-against-drugs
ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথত কাকপথাৰবাসী

শদিয়া, 5 জুলাই : ৰাজ্যত নিষিদ্ধ নিচাযুক্ত ড্ৰাগছৰ লগতে বিভিন্ন মাদক দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ তীব্ৰ অভিযান ৷ ইয়াৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে সোমবাৰে উত্তপ্ত হৈ পৰে সমগ্ৰ কাকপথাৰ ৷ অঞ্চলটোত কাঠফুলাৰ দৰে বৃদ্ধি পোৱা নিষিদ্ধ ড্ৰাগছ প্ৰচলনৰ বিৰুদ্ধে কণ-কণ ছাত্ৰ-ছাত্ৰীসহ হাজাৰ হাজৰ চাহ শ্ৰমিক আৰু স্থানীয় ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে ৷ বিভিন্ন সময়ত কাকপথাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছ ব্যৱসায়ীয়ে বিভিন্ন পন্থাৰে ৰমৰমীয়াকৈ চলাই গৈছে ড্ৰাগছৰ ব্যৱসায় ৷

উল্লেখ্য যে, বিগত 3 জুলাইত কাকপথাৰৰ কুমচাং হাতীডুবা লাইনৰ ৰাইজে এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰাৰ পাচত যুৱকজনৰ স্বীকাৰৰ ভিত্তিত পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ তথ্য ৷ কাকপথাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ নিচেই সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধভাৱে গৃহ নিৰ্মাণ কৰি বাস কৰি অহা একাংশই ড্ৰাগছ, কানি আদিৰ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ বহুকেইজন ড্ৰাগছ আসক্তই এই কথা স্বীকাৰ কৰাৰ পাচতে উত্তপ্ত হৈ পৰিছে কাকপথাৰৰ পৰিস্থিতি ৷

ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথত কাকপথাৰবাসী

ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধভাৱে বাস কৰি নিচাযুক্ত ড্ৰাগছৰ বেহা আৰু অসামাজিক কাৰ্যকলাপ চলাই অহা ঘৰসমূহ শীঘ্ৰেই খালি কৰাৰ লগতে উচ্ছেদৰ দাবী জনাই গণ বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহে হাজাৰ হাজাৰ চাহ শ্ৰমিক ৰাইজ ৷ মাৰাত্মক ড্ৰাগছে বাগিচা এলেকাৰ কিশোৰ তথা যুৱকসকলৰ মাজতো পোখা মেলিবলৈ আৰম্ভ কৰিছে ৷ আসক্ত হ’বলৈ ধৰিছে বাগিচা অঞ্চলৰ বহু কিশোৰ আৰু যুৱক ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাগিচাৰ কাম বন্ধ কৰি ৰাজপথলৈ ওলাই আহিল উত্তেজিত চাহ শ্ৰমিক ৰাইজ ৷

প্ৰতিবাদী চাহ শ্ৰমিকসকলে আৰক্ষী-প্ৰশাসনক দাবী জনাইছে যে, শীঘ্ৰেই কাকপথাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সমীপত ড্ৰাগছৰ বেহাকে ধৰি অসামাজিক কাৰ্যকলাপ চলাই অহা ঘৰসমূহ উচ্ছেদ কৰিব লাগে ৷ অন্যথা উত্তেজিত ৰাইজে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে ৷ উত্তেজিত ৰাইজে মঙলবাৰে অৰ্থাৎ 6 জুলাইৰ আবেলি 3 বজালৈ উক্ত ঘৰসমূহ খালি কৰি দিয়াৰ লগতে প্ৰশাসনক উচ্ছেদ কৰিবলৈ সময়সীমা বান্ধি দিয়ে ৷ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ৰাইজে ৷

লগতে পঢ়ক : পিতৃ-ককাকৰ নামত মাটি থাকিলেও পাব পিএম কিষাণৰ সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.