ETV Bharat / state

Protest against SEBA: তিনিচুকীয়াত ছেবাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 18, 2023, 10:27 AM IST

Protests against school order to derecognise in Tinsukia
তিনিচুকীয়াত ছেবাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আন এক বিষয়ক লৈ তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ দল সংগঠনে । নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ আদেশক লৈ সোচ্চাৰ হৈ পৰে নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয় সুৰক্ষা সমিতিকে আদি কৰি কেইবাটাও দল-সংগঠন(Protests against school order to derecognise in Tinsukia) ।

তিনিচুকীয়াত ছেবাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

তিনিচুকীয়া,১৭ মাৰ্চ: ছেবাৰ বিৰুদ্ধে উত্তাল হৈ পৰিল তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগ(Protest against SEBA) । পিছে এইবাৰ প্ৰশ্নকাকত ফাদিল বা পৰীক্ষা বাতিলৰ বিৰুদ্ধে নহয় । এখন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হয় তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত । তিনিচুকীয়া জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি ছেবাই বাতিল কৰাৰ বিৰুদ্ধে শুকুৰবাৰ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ(Protests against school order to derecognise in Tinsukia) ৷

নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয় সুৰক্ষা সমিতি, সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, বিপ্লৱী যুৱ সন্থা আৰু আইছাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল শতাধিক ৰাইজ(Protest in Tinsukia) ৷ তিনিচুকীয়া চৰকাৰী কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমীপৰ পৰা বাহিৰ কৰা প্ৰতিবাদকাৰীৰ সমদলটো গৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে ৷

প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে ছেবা হায় হায়, নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয়ক সুৰক্ষা দিয়ক, নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ আদেশ প্ৰত্যাহাৰ কৰক, শিক্ষাৰ ওপৰত বুলড’জাৰ চলোৱা কাৰ্য বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছেবাৰ প্ৰাৰম্ভিক পৰ্যায়ত শিক্ষাৰ পোহৰ বিলোৱা নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ আদেশ প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ সমান্তৰালভাৱে বিভিন্ন স্থানত মডেল বিদ্যালয় স্থাপন কৰাৰ সলনি নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয়খনক মডেল স্কুলৰ স্বীকৃতি প্ৰদান কৰি চাহ শ্ৰমিক ৰাইজক শিক্ষাৰ পোহৰ বিলাবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ যিহেতু উক্ত বিদ্যালয়খনে কাষৰীয়া কেইবাখনো চাহ বাগিছাৰ মধ্যকেন্দ্ৰ বিন্দু হিচাপে চিহ্নিত হৈ আহিছে ৷ সেয়েহে বিদ্যালয়খনক স্বীকৃতি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: 2023-24 state budget: 2023-24 বৰ্ষৰ ৰাজ্যিক বাজেটক নিৰ্বাচন কেন্দ্ৰীক বাজেট আখ্যা বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.