2023-24 state budget: 2023-24 বৰ্ষৰ ৰাজ্যিক বাজেটক নিৰ্বাচন কেন্দ্ৰীক বাজেট আখ্যা বিৰোধীৰ

author img

By

Published : Mar 18, 2023, 7:33 AM IST

budget 2023

শুকুৰবাৰে বিধানসভাৰ কাৰ্যসূচী অনুসৰি বাজেটৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হয় (Debate on state budget 23-24) ৷ বিতৰ্কত শাসক আৰু বিৰোধী‌ বিধায়কসকলে অংশ গ্ৰহণ কৰে ৷ বিৰোধীয়ে এই বাজেটক নিৰ্বাচন কেন্দ্ৰীক বুলি অভিহিত কৰে ৷

চলিত বাজেটক নিৰ্বাচন কেন্দ্ৰীক বাজেট বুলি অভিহিত বিৰোধী দলৰ

গুৱাহাটী, 18 মাৰ্চ : বিত্তমন্ত্রী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰা বাজেট সম্পৰ্কত শুকুৰবাৰে বিধানসভাৰ পিছবেলাৰ কাৰ্যসূচী অনুযায়ী বাজেটৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হয় (Debate on state budget 23-24) । বিতৰ্কত শাসক আৰু বিৰোধী‌ বিধায়কসকলে অংশ গ্ৰহণ কৰে । বিৰোধী বিধায়কসকলৰ তৰফৰ পৰা কংগ্ৰেছৰ বিধায়ক ভৰত নৰহ, কমলাক্ষ দে পুৰকায়স্থ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলাম, আশ্ৰাফুল হুছেইন আদিয়ে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰে । বিৰোধী বিধায়কসকলে বাজেটখন লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা বুলি অভিযোগ কৰে (2023 24 state budget an election centric budget) ৷

বিধায়ক ভৰত নৰহে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি কয় যে বাজেটত ধাৰ্য্য কৰা 50 শতাংশ আঁচনি অনুৎপাদনশীল (Opposition party on ongoing budget) । বাজেটক পুৰণা বটলত নতুন মদ‌ বুলি ভৰত নৰহে অভিহিত কৰি কয় যে বাজেটখন লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছে । হিতাধিকাৰীৰ মকৰাজালেৰে প্ৰস্তুত কৰা এখন বাজেট বুলি তেওঁ কয় । ইপিনে এ আই ডি এফৰ বিধায়ক আমিনুল ইছলামে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি কয় যে বাজেটখনত শিক্ষাৰ জৰীপৰ কোনো কথা উল্লেখ নাই । নতুন শিক্ষানুষ্ঠান নিৰ্মাণৰ কোনো কথা উল্লেখ নাই ।

এ আই ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি কয় যে বাজেটখন এখন নিৰ্বাচনক কেন্দ্ৰীক বাজেট । ইপিনে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, পৃথ্বিৰাজ ৰাভা, ফনীধৰ তালুকদাৰ, আদিয়ে বাজেটক এখন উন্নয়নমূলক বাজেট বুলি‌ প্ৰশংসা কৰে ।

উল্লেখযোগ্য যে, বিত্তমন্ত্রী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত আগন্তুক ২০২৩ ২৪ বৰ্ষৰ বাবে বাজেট প্রাক্কলন দাখিল কৰিছিল । সিদিনা প্রশ্নোত্তৰ কালৰ পিছতে দিনৰ এঘাৰ বজাত বিত্তমন্ত্রীয়ে বাজেট ভাষণ দিয়ে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন তৃতীয় বাজেট ।

উল্লেখ্য যে অহা ২০ মাৰ্চত বাজেট সম্পৰ্কত আলোচনা আছে (budget 2023) । ২১ মাৰ্চত বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে । ২৯ মার্চত স্থায়ী সমিতিসমূহে প্রতিবেদন দাখিল কৰিব । ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰীক লৈ আলোচনা হ'ব । ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক : Assam assembly 2023 : অসমৰ স্বাস্থ্যখণ্ডৰ পয়লগা ছবি উন্মোচন হ’ল বিধানসভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.