ETV Bharat / state

তিনিচুকীয়াত ভেঁকোভাওনাত পৰিণত অটল অমৃত অভিযান আঁচনি

author img

By

Published : Feb 11, 2020, 7:14 PM IST

চৰকাৰে মুকলি কৰা অটল অমৃত অভিযান আঁচনিৰ স্বৰূপ উন্মোচিত হৈছে তিনিচুকীয়াত ৷ ছটাকৈ গুৰুত্বপূৰ্ণ ৰোগৰ চিকিৎসাৰ বাবে মুকলি কৰা আঁচনিখন নামতহে জীয়াই আছে জিলাখনত ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ লগত কোনো ব্যক্তিগত চিকিৎসালয়ৰ মিত্ৰতা নথকাৰ বাবে এই সুবিধা লাভৰ পৰা ৰোগীসকল বঞ্চিত হৈ আছে ৷

Poor condition of atal amrit aviyan
ভেঁকোভাওনাত পৰিণত অটল অমৃত অভিযান আঁচনি

তিনিচুকীয়া,11 ফেব্ৰুৱাৰীঃ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা জনসাধাৰণৰ বাবে চৰকাৰে মুকলি কৰিছিল অটল অমৃত অভিযান আঁচনি ৷ ছটাকৈ গুৰুত্বপূৰ্ণ ৰোগৰ চিকিৎসাৰ বাবে মুকলি কৰা আঁচনিখন তিনিচুকীয়া জিলাত কেৱল নামতহে জীয়াই আছে । জিলাখনৰ মুঠ 8,50,000 লোকে আঁচনিখনৰ অধীনত কাৰ্ড লাভ কৰিছিল ৷ কিন্তু,তিনিচুকীয়া জিলাত কোনো ব্যক্তিগত চিকিৎসালয়ৰ লগত মিত্ৰতা নথকাৰ বাবে ৰোগীসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়,সৃষ্টি হাস্পতাল,আদিত্য হাস্পতাল,এইচ এম পলিক্লিনিক,জে জে মেম’ৰিয়েল হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷

অটল অমৃত অভিযান আঁচনিৰ স্বৰূপ উন্মোচিত

তিনিচুকীয়া জিলাৰ চৰকাৰী চিকিৎসালয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়তো সম্প্ৰতি একেই অৱস্থা দেখা গৈছে ৷ ফলত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে ৰোগীসকল ৷

লগতে চাওকঃসংকল্প দিৱসত শ্বহীদক সশ্ৰদ্ধ সোঁৱৰণ কাকপথাৰবাসীৰ

Intro:STORY:- অটল অমৃত অভিযান তিনিচুকীয়া জিলাত কেৱল নামতনে জীয়াই আছে।


তিনিচুকীয়া,11 ফেব্ৰুৱাৰী:-দুখীয়া আৰু দৰিদ্ৰ ৰোগীক কেন্সাৰ,কিডনী, হৃদৰোগ ইত্যাদি গুৰুত্বপূৰ্ণ বেমাৰৰ চিকিৎসাৰ বাবে মুকলি কৰা অটল অমৃত অভিযান আঁচনি তিনিচুকীয়া জিলাত কেৱল নামতনে জীয়াই আছে।জিলাখনৰ মুঠ 850000 লোকে কাৰ্ড লাভ কৰিছে যদিও তিনিচুকীয়া জিলাত কোনো ব্যক্তিগত চিকিৎসালয়ৰ লগত মিত্ৰতা নথকাৰ বাবে ৰোগী সকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়,সৃষ্টি হস্পিতাল, আদিত্য হস্পিতাল, এইচ এম পলিক্লিনিক, জে জে মেমৰিয়েল হস্পিতাল লৈ ৰেফাৰ কৰে চিকিৎসাৰ বাবে। বৰ্তমান লৈকে 300জন হৃদৰোগীক ৰেফাৰ পৰিছে ডিব্ৰুগড় লৈ। তিনিচুকীয়া জিলাখনৰ মূল চিকিৎসালয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসলটো অটল অমৃত অভিযানত সংলগ্ন কোনো ৰোগৰ চিকিৎসা উপলদ্ধ নথকাত ৰোগী সকল ডিব্ৰুগড় লৈ যাব লগা হোৱাত বিৰাট অসুবিধাৰ সৃষ্টি হৈছে।


Body:BYET:-ড০ মৃদুল গগৈ, অধীক্ষক, লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়,তিনিচুকীয়া


Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.