ETV Bharat / state

গৰুক খুন্দিয়াই স্কুটী আৰোহীৰ মৃত্যু

author img

By

Published : Aug 23, 2022, 1:29 PM IST

ডিগবৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা (Accident at NH38)। পশুধনক খুন্দিয়াই দুৰ্ঘটনাত পতিত স্কুটী আৰোহী । এজন যুৱকৰ মৃত্যু আৰু আন এজন আহত যুৱকক হাস্পতালত ভৰ্তি ।

Accident at NH38
গৰুক খুন্দিয়াই স্কুটী আৰোহীৰ মৃত্যু

তিনিচুকীয়া,২৩ আগষ্ট : তিনিচুকীয়া জিলাৰ ডিগবৈ গোলাইৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Tinsukia)। নামদাং হাউছৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক । নিহত যুৱকজন ডিগবৈৰ ১ নং গোলাইৰ প্ৰদীপ গোৱালা বুলি জানিব পৰা গৈছে (One death in Digboi road accident)৷

আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন যুৱক । আহত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই । অৱশ্যে যুৱকজনক স্থানীয় ঠুংৰো বুলি একাংশ লোকে চিনাক্ত কৰিছে ৷

গৰুক খুন্দিয়াই স্কুটী আৰোহীৰ মৃত্যু

উল্লেখ্য যে, MH-12-FM-2266 নম্বৰৰ এখন স্কুটীৰে আহি আছিল যুৱক দুজন । সেই সময়তে পথত থকা এটা গৰুক খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি একাংশ লোকে সন্দেহ কৰিছে । কিয়নো পথৰ দাঁতিত গৰু এটাও মৃত অৱস্থাত পোৱা গৈছে ।

দুৰ্ঘটনাৰ পাছতে আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ইফালে দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক :বদৰপুৰত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.