ETV Bharat / state

Tinsukia murder case : গধৰ হাতত প্ৰাণ গ’ল সুৰেন মুড়া আৰু বাবলু মুড়াৰ

author img

By

Published : Jun 12, 2023, 2:11 PM IST

Nephew killed his uncle and brother in Tinsukia
বৰদেউতাক হত্যা কৰিলে ভতিজাকে

তিনিচুকীয়াত অঘটন ৷ বৰদেউতাক আৰু বৰদেউতাকৰ পুতেকক কাটি টুকুৰা-টুকুৰ কৰিলে নিজ ভতিজাকে ৷ অভিযুক্ত ভতিজাকটোৰ নাম গধ ৷ ইতিমধ্যে আৰক্ষীয়েও আটক কৰিছে গধক ৷

বৰদেউতাক হত্যা কৰিলে ভতিজাকে

তিনিচুকীয়া, ১২ জুন : ভয়ানক ! নৃশংস ! গাৰ নোম শিয়ৰি উঠা এক দৃশ্য ৷ যি দৃশ্য দেখিলে কঁপি উঠিব আপোনাৰো হৃদয় ৷ মনলৈ আহিব হাজাৰটা প্ৰশ্ন ৷ মানুহ নে আন কিবা জন্তুহে ৷ আমি ক’বলৈ লৈছো তিনিচুকীয়া জিলাৰ লংছোৱালত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডৰ কথা ৷ এজন লোকে অতি নৃশংসভাৱে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰে দুজন লোকক ।

ঘটনাৰ অনুসৰি, দেওবাৰে নিশা পেটু আৰু গধৰ সৈতে সুৰেন মুড়া আৰু বাবলু মুড়াৰ মাজত ঘৰুৱা কিছু কথাত মতানৈক্য হয় ৷ তাৰ পাচতে খঙৰ ভমকত লংছোৱালত সুৰেন মুড়া আৰু বাবলু মুড়া নামৰ দুজন ব্যক্তিক নিজ বাসগৃহতেই দাৰে নৃশংসভাৱে ঘপিয়াই শিৰচ্ছেদ কৰে গধই । জানিব পৰা মতে, সুৰেন মুড়া আৰু বাবলু মুড়া হৈছে সম্পৰ্কত গধৰ ক্ৰমে বৰদেউতাক আৰু বৰদেউতাকৰ পুতেক ৷

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ খবৰ দিয়া হয় আৰক্ষীক ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় ডুমডুমাৰ আৰক্ষীৰ এটা দল ৷ তাৰ পাচতে ডুমডুমাৰ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰে তদন্ত ।

ইয়াৰ পাচতে দেওবাৰে নিশাই ডুমডুমা আৰক্ষীয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত গধ নামৰ অভিযুক্ত কৰায়ত্ত কৰে । ইফালে এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে অভিযুক্ত গধই ৷ আনহাতে, এই ঘটনা সংঘটিত কৰাৰ পাচতে অভিযুক্ত গধক উত্তম-মধ্যম শোধাই ৰাইজে ৷

স্থানীয় ৰাইজৰ প্ৰহাৰত কিছু পৰিমাণে আহত হয় অভিযুক্ত গধ ৷ অৱশ্যে পৰৱৰ্তী সময়ত ডুমডুমা আৰক্ষীয়ে অভিযুক্তটোক চিকিৎসাৰ বাবে ডুমডুমা FRU ত ভৰ্তি কৰা হয় ৷ কিন্তু কি কাৰণে নিজৰে বৰদেউতাক আৰু বৰদেউতাকৰ পুত্ৰক অতি নৃশংসভালে হত্যা কৰা হ’ল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ কিন্তু মাটি-বাৰী সম্পৰ্কীয় বিবাদৰ পৰিপ্ৰেক্ষিততে এনে ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Husband wife fight: স্বামী-স্ত্ৰীৰ কাজিয়া; নিৰ্যাতিত পুৰুষৰ বাবে আইন প্ৰণয়নৰ দাবী অভিযুক্ত স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.