ETV Bharat / state

নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ বিধায়ক বলিন চেতিয়াৰ

author img

By

Published : Sep 19, 2020, 6:53 PM IST

10খনকৈ গাঁৱৰ সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাত বিশেষকৈ ডিৰাক চাৰিআলিৰ পাৱৈ হৈ যোৱা ঠাপাবাৰী-মচবাৰী সংযোগী পথটো নিৰ্বাচনৰ আগত নিৰ্মাণ কৰিবলৈ দাবী জনায় উপস্থিত ৰাইজে ৷ ৰাইজৰ দাবী সমূহ পালন নকৰিলে বিধায়ক বলিন চেতিয়াৰ প্ৰবেশত বাধা দিয়াৰ লগতে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৷

MLA Bolin Chetia is barred from entering his constituency
নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ বিধায়ক বলিন চেতিয়াৰ

তিনিচুকীয়া,19 ছেপ্তেম্বৰঃ নিজ সমষ্টিতে ৰাইজে প্ৰৱেশ নিষিদ্ধ কৰিলে বিধায়ক বলিন চেতিয়াক ৷ তিনিচুকীয়া জিলাৰ ১২৬নং শদিয়া বিধানসভা সমষ্টিৰ হাঁহখাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিৰাক অঞ্চলৰ স্থানীয় বহুকেইটা মৌলিক সমস্যা সমাধান নকৰা পৰ্যন্ত বিধায়কগৰাকীৰ লগতে ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে ৰাইজে ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ঠাপাবাৰী,মচবাৰী,ডিৰাক পাৱৈ,ডিৰাক মুখ,কচুতুব,বগৰিবাৰী,বজালতলি,নতুন গাঁও,ৰিৰ্জাভ গাঁও আৰু সীমান্ত টেঙাপানীকে ধৰি ১০খনকৈ গাঁৱৰ ৰাইজে ঠাপাবাৰী ৰাজহুৱা খেলপথাৰত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷

নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ বিধায়ক বলিন চেতিয়াৰ

10খনকৈ গাঁৱৰ সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাত বিশেষকৈ ডিৰাক চাৰিআলিৰ পাৱৈ হৈ যোৱা ঠাপাবাৰী-মচবাৰী সংযোগী পথটো নিৰ্বাচনৰ আগত নিৰ্মাণ কৰিবলৈ দাবী জনায় উপস্থিত ৰাইজে ৷ ৰাইজৰ দাবী সমূহ পালন নকৰিলে বিধায়ক বলিন চেতিয়া প্ৰবেশত বাধা দিয়াৰ লগতে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৷ আনহাতে,ৰাইজৰ অভিযোগ গাঁৱকেইখনত চিকিৎসা,শিক্ষা,বিজুলী বাতি,গৰাখহনীয়া ইত্যাদিৰো কোনো ধৰণৰ সু-ব্যৱস্থা নাই ৷ তদুপৰি ঠাপাবাৰী,মজবাৰী দুয়োখন গাঁও ন-দিহিং নদীৰ গৰাখহনীয়া কবলৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনায় উপস্থিত ৰাইজে ৷ লক্ষণীয় হ'ব,ৰাইজৰ এনে কঠোৰ সিদ্ধান্তৰ পিছত স্থানীয় বিধায়ক বলিন চেতিয়াই ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে ৷

লগতে পঢ়কঃআইপিএল 2020 : চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 'ফেভাৰেট' মুম্বাই ইণ্ডিয়ানছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.