ETV Bharat / state

Woman Protest at Tinsukia: মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ নামত মুখ্যমন্ত্ৰীয়ে বৈষ্যম কৰিছে নেকি ?

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 8:48 PM IST

ঋণৰ পৰা মুক্তিৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ শ শ মহিলাৰ ৷ দেওবাৰে প্ৰতিবাদ সভাত অংগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে ৷ ‘‘ এতিয়াও 10,500 কোটি টকা ঋণ মাফ কৰিবলৈ বাকী আছে ৷’’ এই দৰে কয় বিধায়ক গগৈয়ে ৷

Woman Protest at Tinsukia
মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ নামত মুখ্যমন্ত্ৰীয়ে বৈষ্যম কৰিছে নেকি

মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ নামত মুখ্যমন্ত্ৰীয়ে বৈষ্যম কৰিছে নেকি

তিনিচুকীয়া, 5 নৱেম্বৰ : অসমৰ ঋণগ্ৰস্ত মহিলাসকলক সকাহ দিয়াৰ উদ্দ্যেশে মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 2021 চনৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত মাইক্ৰফাইনেন্স পৰা ঋণগ্ৰস্ত মহিলাক সকাহ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৷ সেই প্ৰতিশ্ৰুতি অনুসৰিয়ে বিশেষ আঁচনিও গ্ৰহণ কৰিছিল ৷

কিন্তু একাংশ মহিলাক সন্তুষ্ট কৰি আন একাংশ মহিলাক অসন্তুষ্ট কৰাৰ অভিযোগ উঠিছে ৷ একাংশ মহিলাৰ ঋণ পৰিশোধ নকৰাকলৈ দেওবাৰে সাব্যস্ত কৰে শ শ মহিলাই ৷ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰী আঞ্চলিক যুৱক সংঘৰ খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে মাইক্ৰফাইনেন্স ঋণগ্ৰস্ত মহিলাসকলে ৷

উক্ত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে ৷ ‘‘চিঞৰ’’ নামৰ এখনি প্ৰতিবাদী সভাত উপস্থিত থাকি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক গগৈয়ে ৷ তেওঁ কয়, ‘‘গাঁৱৰ 64 গৰাকী মহিলাৰ ভিতৰত মাত্ৰ 3 গৰাকীৰ মহিলাৰ ঋণ মাফ হৈছে ৷ এতিয়াও বহু সংখ্যক মহিলাক ঋণৰ পৰা মুক্ত কৰি দিয়া নাই ৷ মুখ্যমন্ত্ৰীয়ে মিছাৰ আশ্ৰয় লৈছে ৷ তেওঁ পলায়নৰ চেষ্টা কৰিছে ৷ এতিয়ালৈকে মাত্ৰ 2000 কোটি টকাৰ হে ঋণ মাফ কৰা হৈছে ৷ 10,500 কোটি টকা এতিয়াও ঋণ মাফ কৰিবলৈ বাকী আছে ৷’’

তেওঁ কয় যে, প্ৰতিশ্ৰুতিৰ মাত্ৰ 16 শতাংশহে তেওঁ পালন কৰিছে ৷ মহিলাসকলৰ ঋণ মাফ কৰাৰ নামত মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা কৰিছে ৷ সেয়ে সমগ্ৰ অসমতে মহিলাসকলে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷ যদিহে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি পালন নকৰে তেতিয়া হ’লে মহিলাসকলে বিজেপিক ভোট নিদিয়ে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক:Imam Murder in Tinsukia: তিনিচুকীয়াৰ ইমাম হত্যাকাণ্ডৰ সন্দৰ্ভত দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.