ETV Bharat / state

সামৰিক পোচাকত আহি ব্যৱসায়ীক ধন দাবী যুৱকৰ; পৰিচয় দিলে আলফা বুলি !

author img

By

Published : Apr 21, 2022, 9:58 PM IST

তিনিচুকীয়াৰ ফিল'বাৰীত ব্যৱসায়ীক ধনদাবী আলফাৰূপী দুৰ্বৃত্তৰ (Miscreants demand money in the name of ULFA-I) ৷ অক্টোবৰ মাহত দাবী কৰা ধন বিচাৰি ব্যৱসায়ীজনৰ পৰিয়ালক ভাবুকি উক্ত দুৰ্বৃত্তৰ ৷ আতংকত স্থানীয় লোক ৷ আকৌ ঘূৰি আহিব নেকি ভয়ানক দিনবোৰ, তাকে লৈ চিন্তিত ৰাইজ ৷

Miscreants demand money in the name of ULFA-I
ডুমডুমাত আলফাৰ নামত সামৰিক পোছাকত ধনদাবী দুৰ্বৃত্তৰ

তিনিচুকীয়া, 21 এপ্ৰিল : আলফা আৰু চৰকাৰৰ শান্তি আলোচনাৰ চৰ্চা চলি থকা সময়তেই উজনিত পোহৰলৈ আহিছে পুনৰ আলফাৰ(স্বা) নামত ধনদাবী কৰা ঘটনা (Extortion in Tinsukia)৷ পূৰ্বতে দাবী কৰা ধন বিচাৰি তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকজানৰ এজন ব্যৱসায়ীক মঙলবাৰে পুনৰ ভাবুকি দিয়ে আলফাৰূপী দুৰ্বৃত্তই ৷

মঙলবাৰে সন্ধিয়া সামৰিক পোচাক পৰিহিত তিনি যুৱকে প্ৰৱেশ কৰিছিল ব্যৱসায়ী উমেশ শ্বাহৰ ঘৰত(Miscreants demand money in military uniform at Dumduma) ৷ কিন্তু স্বাস্থ্যজনিত কাৰণত চেন্নাইলৈ যোৱা উমেশ শ্বাহক লগ নাপায় দলটোৱে ৷ বিগত অক্টোবৰ মাহত ব্যৱসায়ীগৰাকীক আলফা(স্বা) নামত ৭ লাখ টকা দাবী কৰিছিল উক্ত দুৰ্বৃত্তকেইটাই ।

ডুমডুমাত আলফাৰ নামত সামৰিক পোছাকত ধনদাবী দুৰ্বৃত্তৰ

কিন্তু সিমান পৰিমাণৰ টকা দিব নোৱাৰাত চাৰিলাখ টকা বিচাৰে তিনি যুৱকে ৷ অক্টোবৰ মাহত দাবী কৰা ধন নোপোৱাৰ বাবেই ব্যৱসায়ীজনক মাৰধৰো কৰিছিল উক্ত দুৰ্বৃত্তকেইটাই ৷ এইবাৰো ব্যৱসায়ী শ্বাহৰ পুত্ৰই কোনোপধ্যেই ধন দিবলৈ অপাৰগ হোৱাত ঘৰটোৰ আচবাব পাতি লণ্ডভণ্ড কৰি 12 হাজাৰ টকা লৈ উধাও হয় তিনি দুৰ্বৃত্ত ৷

উমেশ শ্বাহ ফিল'বাৰী কাকজানৰ কেঁচা চাহপাতৰ ক্ষুদ্ৰ ব্যৱসায়ী ৷ ব্যৱসায়ীজনক পূৰ্বতেও এইদৰে আলফাৰ নামত ধনদাবী কৰিছিল বুলি জানিব পৰা গৈছে । বিগত কেইবাদিনৰ পৰা উমেশ শ্বাহে স্বাস্থ্যজনিত কাৰণত চেন্নাইত আছেগৈ । মঙলবাৰে সন্ধিয়া ঘৰখনলৈ অহা যুৱক কেইজনৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CC TV কেমেৰাত ।

লগতে পঢ়ক : আলফা(স্বা)ৰ নামত ধন দাবী কৰি মঙলদৈত গ্ৰেপ্তাৰ তিনি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.