ধলা-শদিয়াৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Jul 14, 2022, 5:08 PM IST

minister-pijush-hazarika-visit-at-dhola-sadia-in-tinsukia

তিনিচুকীয়াত ধলা-শদিয়াৰ গৰাখহনীয়া পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ দীৰ্ঘম্যাদী কামেৰেহে গৰাখহনীয়া ৰোধ কৰিব পৰা যাব বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ(Minister Pijush Hazarika visit at Dhola Sadia) ৷

তিনিচুকীয়া, 14 জুলাই : বৃহস্পতিবাৰে ধলা-শদিয়াৰ গৰাখহনীয়াৰ পৰিস্থিতি পৰিদৰ্শনৰ বাবে তিনিচুকীয়াত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika visit at Dhola Sadia) ৷ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ অন্তৰ্গত হাতীঘূলি আৰু ফেলাইৰ মথাউৰিৰ লগতে কেনপাছ আদি অঞ্চল পৰিদৰ্শন কৰে ।

তিনিচুকীয়াত ধলা শদিয়াৰ গৰাখহনীয়া পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ইফালে, মন্ত্ৰী হাজৰিকাই দীৰ্ঘম্যাদী কামেৰেহে গৰাখহনীয়া ৰোধ কৰিব পৰা যাব বুলি উল্লেখ কৰে ৷ এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে শদিয়াৰ বিধায়ক বলিন চেতীয়া আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ৷ ইয়াৰ পূৰ্বেও মন্ত্ৰীগৰাকীয়ে উক্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বান গৰাখহনীয়া ৰোধৰ বাবে ধন আৱণ্টন দিছিল ।

ঠিকাদাৰে কামসমূহ সঠিকৰূপে কৰিছে নাই তাৰ বুজ ল'বলৈ পুনৰ অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজক কামৰ ওপৰত চকু ৰাখি সহায় সহযোগিতা আগবঢ়াবলৈ মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমযোগে আহ্বান জনায় ।

লগতে পঢ়ক : DGP at Tinsukia: যুৱ প্ৰজন্মৰ একাংশই ভুল পথ অৱলম্বন কৰা পৰিলক্ষিত হৈছে: ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.