ETV Bharat / state

Amrit Sarovar scheme: তিনিচুকীয়াত অমৃত সৰোবৰ আঁচনিৰ কাম পৰিদৰ্শন কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

author img

By

Published : Jan 31, 2023, 7:32 AM IST

Inspection work of Amrit Sarovar scheme
মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অমৃত সৰোবৰ আঁচনি পৰিদৰ্শন

ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হৈছে অমৃত সৰোবৰ আঁচনিৰ কাম-কাজ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে তিনিচুকীয়াতো চলি আছে অমৃত সৰোবৰ আঁচনিৰ কাম । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অমৃত সৰোবৰ আঁচনিৰ কাম-কাজৰ বুজ ল'বলৈ সোমবাৰে তিনিচুকীয়াৰ টেকেৰিত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য(Minister Parimal Suklabaidya in Tinsukia) ।

তিনিচুকীয়া,৩০ জানুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানতো আৰম্ভ কৰিছে অমৃত সৰোবৰ আঁচনিৰ(Mission Amrit Sarovar in Assam) ৷ সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰৰ পৰিবহণ, মীন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তিনিচুকীয়া জিলাৰ বিভিন্ন আঁচনিৰ কাম পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় জিলাখনত ৷ তিনিচুকীয়া জিলাত উপস্থিত হৈয়েই মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত টেকেৰী ব্লক ২ নং অমৃত সৰোবৰ আচঁনি পৰিদৰ্শন কৰিবলৈ টেকেৰি গাঁৱলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী (Minister inspected work of Amrit Sarovar scheme) ৷

মন্ত্ৰীগৰাকীয়ে টেকেৰি গাঁৱত উপস্থিত হোৱাৰ পাছতে মন্ত্ৰীগৰাকীক স্থানীয় ৰাইজে এখন মৰাণ গামোছাৰে আদৰণি জনায় আৰু ইয়াৰ পাছতে অমৃত সৰোবৰ আঁচনিৰ কাম পৰিদৰ্শন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ অমৃত সৰোবৰ আঁচনিৰ কাম পৰিদৰ্শন কৰি সংশ্লিষ্ট বিভাগৰ বিষয়াৰ পৰা আচঁনিৰ কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰী পৰিমল শুক্লবদ্যই অমৃত সৰোবৰ আচঁনিৰ কাম যাতে উন্নত মানদণ্ডৰ হয় আৰু কামত যাতে কোনোধৰণৰ বেমেজালি নহয় তাৰ বাবে যাৱতীয় পদক্ষেপ লবলৈ উপস্থিত বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে ৷

সমান্তৰালভাৱে স্থানীয় ৰাইজকো এইক্ষেত্ৰত আচঁনিসমূহ সফলতাৰে ৰূপায়ণ হ’বলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে টেকেৰি ৰাইডাং অংগনৱাড়ী কেন্দ্র পৰিদৰ্শন কৰি কেন্দ্রটোত ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মজিয়াত বহি কিছু মতবিনিময় কৰাৰ লগতে ছাত্ৰছাত্ৰীৰ নামভৰ্তি তথা উপস্থিতিৰ বিষয়ে বুজ লয়(Parimal Suklabaidya visits Anganwadi centre at Tekeri in Tinsukia) । অংগনৱাড়ী কেন্দ্রটোৰ ৰান্ধনীশাল পৰিদৰ্শন কৰি কণকণ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে নে নাই তাৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

Parimal Suklabaidya visits Anganwadi centre
অংগনৱাড়ী কেন্দ্রত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

লগতে অংগনৱাড়ী কেন্দ্রটোৰ কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে, মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ টেকেৰি প্ৰাথমিক বিদ্যালয়খনো মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত বিনিময় কৰে । মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শ্ৰেণীকোঠা, কাৰ্য্যালয়কক্ষ তথা ৰান্ধনীশাল পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগবোৰ জানিবলৈ চেষ্টা কৰে ।

Parimal Suklabaidya visits Anganwadi centre
প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

মন্ত্ৰীগৰাকীয়ে অংগনৱাড়ী কেন্দ্ৰ আৰু টেকেৰি প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ কৰি সাধাৰণভাৱে ছাত্ৰছাত্ৰীসকলৰ লগতে কৰ্মচাৰীসকলৰ সৈতে কৰা মতবিনিময় কাৰ্যই সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক মন খুলি অভাৱ অভিযোগসমূহ অৱগত কৰে শিক্ষক তথা কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক:Hiren Gohain slams BJP govt: গান্ধীৰ আদৰ্শক নস্যাৎ কৰাৰ চেষ্টা বিজেপিৰ: ড৹ হীৰেন গোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.