ETV Bharat / state

জাগুনত অপহৃত যুৱকঃআলফাৰ দ্বাৰা অপহৰণৰ সন্দেহ

author img

By

Published : Feb 11, 2020, 8:47 PM IST

Updated : Feb 11, 2020, 11:23 PM IST

তিনিচুকীয়াৰ জাগুনত সংঘটিত হয় এক অপহৰণ কাণ্ড । স্থানীয় ব্যৱসায়ী ৰাজু খানৰ কৰ্মচাৰী বৈকুণ্ঠ সন্দিকৈক সন্দেহযুক্ত আলফাই মঙলবাৰে অপহৰণ কৰে ৷ ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া উপস্থিত হৈ ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷

young boy kidnapped
অপহৃত যুৱক

তিনিচুকীয়া,11 ফেব্ৰুৱাৰীঃ মঙলবাৰে তিনিচুকীয়াৰ জাগুনত সংঘটিত হ'ল এক অপহৰণ কাণ্ড । মাৰ্ঘেৰিটাৰ স্থানীয় ব্যৱসায়ী ৰাজু খানৰ কৰ্মচাৰী বৈকুণ্ঠ সন্দিকৈক অপহৰণ কৰে সন্দেহযুক্ত আলফাই ৷ ব্যৱসায়ীজনৰ অসম-অৰুণাচল সীমান্তত থকা শিলৰ কাছাৰ ফেক্টৰীৰ পৰা অপহৰণ কৰে কৰ্মচাৰীজনক ৷ অপহৰণৰ আঁৰত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ তিনিচুকীয়া আৰক্ষীৰ ৷

জাগুনত সংঘটিত অপহৰণ কাণ্ড

উল্লেখ্য যে, ব্যৱসায়ী ৰাজু খানক দুমাহৰ পূৰ্বে আলফা স্বাধীনে ধন দাবী কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ ধন দাবীৰ সম্পৰ্কত আলফা স্বাধীনৰ সদস্যৰে ৰাজু খানৰ হৈছিল তৰ্কা-তৰ্কি ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আলফা স্বাধীনে ব্যৱসায়ীজনক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া উপস্থিত হৈ ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷

young boy kidnapped
আলফাৰ দ্বাৰা অপহৃত যুৱক

লগতে চাওকঃ তিনিচুকীয়াত ভেঁকোভাওনাত পৰিণত অটল অমৃত অভিযান আঁচনি

Last Updated : Feb 11, 2020, 11:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.