ETV Bharat / state

মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোঁৱৰ

author img

By

Published : Jun 30, 2020, 4:54 PM IST

আনহাতে বিজেপিৰ জেষ্ঠ নেতা ভাদেশ্বৰ মৰাণে বিধায়ক ভাস্কৰ শৰ্মাৰ কাম-কাজলৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিজেপি দলত কোনো সংঘাট নাই সেয়ে সমাগত নিৰ্বাচনত বিজেপি দলে ভাস্কৰ শৰ্মাকেই টিকত প্ৰদান কৰি বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

Margherita MLA food grain distribution
মাৰ্ঘেৰিটা

শদিয়া, 30 জুন : ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ টিকত প্ৰত্যাশীসকলৰ মাজত আৰম্ভ হৈছে ব্যাপক কুচকাৱাজ ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ভেটিত কঁপনি তুলি ৰাজ্যৰ ক্ৰিয়া যুৱ কল্যাণ বিভাগৰ সদস্য সচিব, অসম অলিম্পিক সন্থাৰ সম্পাদক তথা যুৱ নেতা লক্ষ্য কোঁৱৰৰ নাম সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক ভাস্কৰ শৰ্মাই ৷ বিধায়কগৰাকীক বৰ্তমানলৈ দলে এই বিষয়ত কোনো তথ্য প্ৰদান কৰা নাই ৷ লগতে গণতান্ত্ৰিক দেশত সকলোৰে টিকট বিচৰাৰ অধিকাৰ আছে বুলি মঙলবাৰে ৰাইজক সাহাৰ্য প্ৰদান কৰিবলৈ আহি এই মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

মাৰ্ঘেৰিটা

লগতে পঢ়কঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

ইয়াৰোপৰি "লক্ষ্য কোঁৱৰক সংবাদ মাধ্যমে নে মুখ্যমন্ত্ৰীয়ে টিকটৰ বাবে দাবী কৰিবলৈ কৈছে" সেই বিষয়েও বিধায়কগৰাকী জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে ৷ আনহাতে বিজেপিৰ জেষ্ঠ নেতা ভাদেশ্বৰ মৰাণে বিধায়ক ভাস্কৰ শৰ্মাৰ কাম-কাজলৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিজেপি দলত কোনো সংঘাট নাই সেয়ে সমাগত নিৰ্বাচনত বিজেপি দলে ভাস্কৰ শৰ্মাকেই টিকত প্ৰদান কৰি বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.