ETV Bharat / state

মাৰ্ঘেৰিটাৰ কংগ্ৰেছত বিসম্বাদ: দল ত্যাগ কৰাৰ হুংকাৰ বঞ্চিত প্ৰাৰ্থীৰ

author img

By

Published : Mar 9, 2021, 7:09 AM IST

ৰাজ্যৰ বিভিন্ন সমষ্টিত অব্যাহত আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ সেইয়া কংগ্ৰেছেই হওক অথবা বিজেপিয়েই হওক,নতুবা আন ৰাজনৈতিক দলেই হওক ৷ সকলোতে এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক এই সংঘাত শেহতীয়াকৈ দেখা গৈছে 124 নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিতো ৷ কংগ্ৰেছৰ দলীয় টিকটৰ পৰা বঞ্চিত প্ৰবীণ কংগ্ৰেছী বাসুদেৱ ছেত্ৰী আৰু ৰুবুল গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৷

margherita-congress
মাৰ্ঘেৰিটাৰ কংগ্ৰেছত বিসম্বাদঃদল ত্যাগ কৰাৰ হুংকাৰ বঞ্চিত প্ৰাৰ্থীৰ

মাৰ্ঘেৰিটা,9মাৰ্চ: ৰাজ্যৰ বিভিন্ন সমষ্টিত অব্যাহত আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ সেইয়া কংগ্ৰেছেই হওক অথবা বিজেপিয়েই হওক,নতুবা আন ৰাজনৈতিক দলেই হওক ৷ সকলোতে এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক এই সংঘাত শেহতীয়াকৈ দেখা গৈছে 124 নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিতো ৷

মাৰ্ঘেৰিটাৰ কংগ্ৰেছত বিসম্বাদঃদল ত্যাগ কৰাৰ হুংকাৰ বঞ্চিত প্ৰাৰ্থীৰ

কংগ্ৰেছৰ দলীয় টিকটৰ পৰা বঞ্চিত প্ৰবীণ কংগ্ৰেছী বাসুদেৱ ছেত্ৰী আৰু ৰুবুল গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৷ বঞ্চিত প্ৰাৰ্থী দুগৰাকীৰ অভিযোগ সাংসদ প্ৰদ্যুত বৰদলৈৰ হস্তক্ষেপৰ বাবেই সমষ্টিটোত কংগ্ৰেছ দলে মনোৰঞ্জন বৰগোহাঞিক টিকট প্ৰদান কৰিছে ৷ আনহাতে বঞ্চিত দুয়োগৰাকী কংগ্ৰেছ নেতাই শীঘ্ৰে কংগ্ৰেছ ত্যাগ কৰিবলৈ চিন্তা-চৰ্চা কৰি থকা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃনিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.