ETV Bharat / state

ব্ৰহ্মপুত্ৰত প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম বিৰ্সজন

author img

By

Published : Dec 10, 2020, 8:16 PM IST

বৃহস্পতিবাৰে পুৱা তিনিচুকীয়া পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে চিতাভস্মৰ অস্থিৰ কলহ আনি থকাৰ পথতে ৰূপাই চক্ৰ বিষয়া কাৰ্যালয়ত, টিপুক, তালাপ, ধলাত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই শদিয়াৰ চপাখোৱা ৰাজহুৱা খেলপথাৰত চিতাভষ্ম প্ৰবেশ কৰে ৷

late-tarun-gogoi-story
ব্ৰহ্মপুত্ৰত প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম বিৰ্সজন

শদিয়া,10 ডিচেম্বৰ : প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ ইচ্ছা অনুযায়ী তেখেতৰ চিতাভষ্ম অসমৰ বিভিন্ন প্ৰান্তলৈ নিয়াৰ সমান্তৰাল ভাবে তিনিচুকীয়া জিলাৰ শদিয়াৰ ব্ৰহ্মপুত্ৰ নদীত বৃহস্পতিবাৰে চিতাভষ্ম বিৰ্সজন কৰা হয় ৷ বৃহস্পতিবাৰে পুৱা তিনিচুকীয়া পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে চিতাভস্মৰ অস্থিৰ কলহ আনি থকাৰ পথতে ৰূপাই চক্ৰ বিষয়া কাৰ্যালয়ত, টিপুক, তালাপ, ধলাত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই শদিয়াৰ চপাখোৱা ৰাজহুৱা খেলপথাৰত চিতাভষ্ম প্ৰৱেশ কৰে ৷

ব্ৰহ্মপুত্ৰত প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম বিৰ্সজন

সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ সভা অনুষ্ঠিত হোৱাৰ পিছতেই শদিয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ দক্ষিণ পাৰে চিতাভষ্ম বিৰ্সজন কৰে ৷ সমগ্ৰ কাৰ্যসূচীটোত পুত্ৰ গৌৰৱ গগৈৰ লগতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰাণী নৰহ, বিধায়ক দুৰ্গা ভূমিজ, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীকে ধৰি ৰাজ্যিক, জিলা পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: তিনিটা দশকৰ পিচত উন্মোচন হ'ল অসম আন্দোলনৰ 'তথ্য কোষ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.