ETV Bharat / state

Inter-district quiz and debate competition: জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি ডুমডুমাত আন্তঃজিলা কুইজ-তৰ্ক প্ৰতিযোগিতা

author img

By

Published : Jan 28, 2023, 10:39 PM IST

আগন্তুক জি-২০ আৰু ৱাই-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ডুমডুমা মহাবিদ্যালয়ত জিলা পৰ্যায়ৰ আন্তঃমহাবিদ্যালয় তৰ্ক আৰু কুইজ প্ৰতিযোগিতা ৷ ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই(Dumdum MLA Rupesh Gowala) উদ্বোধন কৰে আন্তঃমহাবিদ্যালয় তৰ্ক আৰু কুইজ প্ৰতিযোগিতাখন ।

Inter-district quiz and debate competition
জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি আন্তঃজিলা কুইজ আৰু তৰ্ক প্ৰতিযোগিতা

তিনিচুকীয়া, ২৮ জানুৱাৰী: ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক জি-২০ আৰু ৱাই-২০(G20 Summit in Assam) সন্মিলনৰ লগত সংগতি ৰাখি চলি থকা সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে তিনিচুকীয়া জিলা প্ৰশাসনে ডুমডুমা মহাবিদ্যালয়ৰ সহযোগত আজি অৰ্থাৎ শনিবাৰে ডুমডুমা মহাবিদ্যালয়ত জিলা পৰ্যায়ৰ এখনি আন্তঃমহাবিদ্যালয় তৰ্ক আৰু কুইজ প্ৰতিযোগিতা আয়োজন কৰে(Inter-district quiz and debate competition) । ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই(Dumdum MLA Rupesh Gowala) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আন্তঃমহাবিদ্যালয় তৰ্ক আৰু কুইজ প্ৰতিযোগিতাখনিৰ ।

Inter-district quiz and debate competition
জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি আন্তঃজিলা কুইজ আৰু তৰ্ক প্ৰতিযোগিতা

উদ্বোধনী ভাষণত বিধায়ক গোৱালাই কয় যে, ভাৰতৰ বাবে জি-২০ সন্মিলনৰ সভাপতিত্ব গ্ৰহণ কৰাটো এক গৌৰৱৰ মুহূৰ্ত । ইয়াৰ পূৰ্বে, ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলেশ্বৰ কলিতাই আদৰণি ভাষণ প্ৰদান কৰে । উদ্বোধনী অনুষ্ঠানত লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কৃপা প্ৰসাদ উপাধ্যায় আৰু বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমৰজিৎ শইকীয়া উপস্থিত থাকে । ডুমডুমা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড৹ চম্পা ৰাও মোহনো উদ্বোধনী অধিৱেশনত উপস্থিত থাকে ।

আজিৰ তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল 'জি-২০ ৰাষ্ট্ৰসমূহত বৰ্ধিত জনসংখ্যা ইয়াৰ উন্নয়নৰ বাবে ভাবুকি নহয়' । লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কৃপা প্ৰসাদ উপাধ্যায় তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষ আছিল য'ত তিনিচুকীয়া জিলাৰ ৯ খন মহাবিদ্যালয়ৰ ১৮ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বীৰেন্দ্ৰ নাৰায়ণ তথা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অক্ষয় জ্যোতি মহন্ত বিচাৰক হিচাপে উপস্থিত থকা তৰ্ক প্ৰতিযোগিতাত তিনিচুকীয়া মহাবিদ্যালয়ৰ বাগ্মীতা দাস, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সমীৰ ৰীমাল আৰু ডুমডুমা মহাবিদ্যালয়ৰ ডিপ্বিচন সোণোৱালে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৷

কুইজ প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ এঘাৰখন মহাবিদ্যালয়ৰ এঘাৰটা দলে অংশগ্ৰহণ কৰে । ডি ডি আৰ কলেজ চাবুৱাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰণন্দ্ৰ খাউন্দে কুইজ প্ৰতিযোগিতাখনৰ পৰিচালনা কৰে । মাৰ্ঘেৰিটা মহাবিদ্যালয়, তিনিচুকীয়া মহাবিদ্যালয় আৰু তিনিচুকীয়া মহিলা মহাবিদ্যালয়ে ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে । বিজয়ীসকলক অধ্যক্ষ ড৹ কমলেশ্বৰ কলিতা, আৰু ৰণন্দ্ৰ খাউণ্ড, অক্ষয় জ্যোতি মহন্ত, অভিজিত খাটনিয়াৰ আৰু ডুমডুমা মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক হিৰণ বৈশ্য দত্তই পুৰস্কাৰসমূহ বিতৰণ কৰে । সম্পূর্ণ কাৰ্যসূচী ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক মনিকা পেগুৱে পৰিচালনা কৰে ৷

লগতে পঢ়ক: APSC Awareness Programme : দৰং মহাবিদ্যালয়ত অসম লোকসেৱা আয়োগৰ সজাগতা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.