ETV Bharat / state

National Nutrition Month: তিনিচুকীয়াত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:53 PM IST

Inauguration of National Nutrition Month in Tinsukia
তিনিচুকীয়াত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ

তিনিচুকীয়াত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ । জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পোষণ ৰেলীৰ ফ্লেগ অফ কৰে জিলা আয়ুক্ত স্বপ্নীল পালে । উপস্থিত থাকে ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া বন্দিত গগৈকে আদি কৰি ভালেসংখ্যক বিশিষ্ট অতিথি ।

তিনিচুকীয়া,৮ ছেপ্টেম্বৰ: "সুপোষিত ভাৰত, শিক্ষিত ভাৰত, শক্তিশালী ভাৰত" এই মূল বিষয়বস্তুৰে আজিৰে পৰা তিনিচুকীয়া জিলাত আৰম্ভ হৈছে ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহৰ । এই উপলক্ষে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা ।

সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত সোনতৃষ্ণা ঘৰফলীয়াই আঁত ধৰা এই সভাত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া বন্দিত গগৈ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্য, জিলাখনৰ আটাইকেইটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকল, অংগনৱাড়ী কৰ্মী আৰু অংগনৱাড়ী চুপাৰভাইজাসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে ।

Inauguration of National Nutrition Month in TinsukiaInauguration of National Nutrition Month in Tinsukia
তিনিচুকীয়াত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ

সভাত ২০২৩ চনৰ পোষণ মাহ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীৰ বিতং তথ্য সম্বলিত এক পাৱাৰ পইন্ট প্ৰেজেন্টেচন আগবঢ়ায় ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া বন্দিত গগৈ আৰু গুইজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া বেদান্ত কলিতাই । পোষণ মাহৰ শুভাৰম্ভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত স্বপ্নীল পালে পোষণ মাহ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীৰ বিতংভাৱে বুজ লোৱাৰ লগতে এই পোষণ মাহত জিলাখনৰ প্ৰতিটো অংগনৱাড়ী কেন্দ্রত প্ৰতিটো কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ।

Inauguration of National Nutrition Month in Tinsukia
তিনিচুকীয়াত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ

প্ৰতিটো অংগনৱাড়ী কেন্দ্রত একোখনকৈ পোষণ ৱাটিকা স্থাপন কৰাৰ ওপৰতো জিলা আয়ুক্তই গুৰুত্ব আৰোপ কৰে। জিলাখনত পোষণ মাহ উদযাপনৰ বাবে সংশ্লিষ্ট বিভাগক এক যথাৰ্থ কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰিবলৈয়ো জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । জিলা আয়ুক্তগৰাকীয়ে পোষণ মাহ উপলক্ষে স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া "এনিমিয়া নিৰ্মূল" কাৰ্যসূচী সন্দৰ্ভতো বিতংভাবে আলোচনা কৰে আৰু এই এনিমিয়া নিৰ্মূল কাৰ্যসূচী জিলাখনত এক নিৰন্তৰ পক্ৰিয়া হিচাপে চলাই নিবলৈ সংশ্লিষ্ট বিভাগলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি স্তনপানৰ উপকাৰিতা সন্দৰ্ভত সজাগতা কাৰ্যসূচী, শিশু তথা গৰ্ভৱতী মহিলা আৰু প্ৰসুতি মাতৃৰ পুষ্টিবৰ্ধক খাদ্য, থলুৱা শাক-পাচলি আৰু ফল-মূলৰ প্ৰদৰ্শনী, বিভিন্ন পুষ্টিকৰ ব্যঞ্জনৰ প্ৰতিযোগিতা, মিলেট সন্দৰ্ভত সজাগতা, এনিমিয়া নিৰ্মূল শিবিৰ, অংগনৱাড়ী কেন্দ্রত পোষণ বাটিকা স্থাপন আদি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে । আনহাতে, এই পোষণ মাহৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি আয়োজিত ৰেলীৰ তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পালে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা ফ্লেগ অফ কৰে ।

লগতে পঢ়ক: Bhupen Hazarika 97th birthday: ব্যতিক্ৰমীৰূপত টিংখাঙত সুধাকণ্ঠৰ জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.