ETV Bharat / state

HIV Scenario in Tinsukia: অবাধ গতিত চলা নিষিদ্ধ ড্ৰাগছৰ ফলত তিনিচুকীয়াত‌ মাৰাত্মক HIV য়ে লৈছে ভয়ংকৰ ৰূপ

author img

By

Published : Jul 5, 2023, 12:31 PM IST

HIV Positive Cases increases in Tinsukia
তিনিচুকীয়াত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা

নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলনৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যাও ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰা বুলি সদৰি কৰিছে জিলা এইডচ্‌ নিয়ন্ত্ৰক বিষয়া ডাঃ ৰাণী গগৈয়ে ৷ ড্ৰাগছ আসক্ত অধিকাংশ যুৱক-যুৱতীৰ শৰীৰত এইচ আই ভি পজিটিভ ধৰা পৰাৰ কথা তেওঁ সদৰি কৰে ৷

তিনিচুকীয়াত‌ মাৰাত্মক HIVৰ দ্ৰুত সংক্ৰমণ

তিনিচুকীয়া, 5 জুলাই: নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ জৰিয়তে ৰাজ্যৰ যুৱ প্ৰজন্মক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, উজনি অসমৰ তিনিচুকীয়া জিলাক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ে বেয়াকৈ ছানি ধৰিছে ৷ তিনিচুকীয়া জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ অধিকাংশ গাঁৱৰ যুৱক-যুৱতী মাৰাত্মক ড্ৰাগছৰ কবলত পৰি এক অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে ৷

তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছ সেৱনকাৰী অথবা ড্ৰাগছৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলালেও থমকি ৰোৱা নাই এই বৰ বিহৰ প্ৰচলন ৷ সমগ্ৰ জিলাখনতে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় অথবা ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ অসম-অৰুণাচল সীমান্তৰ শদিয়া, কাকপথাৰ, পেঙেৰী, বৰডুমচা আদি অঞ্চলৰ একাংশ যুৱ প্ৰজন্ম এতিয়া নিষিদ্ধ ড্ৰাগছৰ কবলত ৷ ৰাজ্যৰ এন্টি ড্ৰাগছ এণ্ড প্ৰহিবিশ্যন কাউন্সিলৰ সদস্য জয়ন্ত বৰুৱাই জানিবলৈ দিয়া অনুসৰি, ইতিপূৰ্বে আৰক্ষীৰ হাতত ধৰা পৰি কাৰাবাস খটা ড্ৰাগছ আসক্ত সকলেই কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ নিষিদ্ধ ড্ৰাগছৰ বেহাত নামি পৰিছে ৷ একেদৰে ড্ৰাগছ মাফিয়া চক্ৰই অতি কৌশলেৰে মধ্য বিত্ত শ্ৰেণীৰ যুৱক-যুৱতীক ধনৰ প্ৰলোভন দেখুৱাই ড্ৰাগছ পেডলাৰ হিচাপে নিয়োজিত কৰি অহা বুলিও জয়ন্ত বৰুৱাই জানিবলৈ দিয়ে ৷

উজনি অসমৰ তিনিচুকীয়া জিলাত সৰ্বাধিকভাৱে ভয়ংকৰ হাৰত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰাৰ ফলত এইছ আই ভি ৰোগীৰ সংখ্যাও উজনিৰ ভিতৰত তিনিচুকীয়া জিলাত সৰ্বোচ্চ হোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে অভিভাৱক তথা স্বাস্থ্য বিভাগ ৷ আনহাতে তিনিচুকীয়া জিলা এইডচ্‌ নিয়ন্ত্ৰক বিষয়া ডাঃ ৰাণী গগৈয়ে জিলাখনৰ আন এক উদ্বেগ জনক তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ৷ নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলনৰ সামান্তৰালকৈ তিনিচুকীয়া জিলাত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যাও ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰা বুলি ডাঃ ৰাণী গগৈয়ে জানিবলৈ দিয়ে ৷ বিশেষকৈ ড্ৰাগছ আসক্ত অধিকাংশ যুৱক-যুৱতীৰ শৰীৰত এইচ আই ভি পজিটিভ ধৰা পৰাৰ কথা তেওঁ সদৰি কৰে ৷

বিগত বৰ্ষত তিনিচুকীয়া জিলাত যিমান সংখ্যক এইচ আই ভি পজিটিভৰ সংখ্যা ধৰা পৰিছিল তাৰ তুলনাত চলিত বৰ্ষৰ পৰা যোৱা তিনিটা মাহতে 50 শতাংশ লোকতকৈ অধিক লোকৰ দেহত মৃত্যুদূতৰূপী এইচ আই ভি পজিটিভ ধৰা পৰিছে বুলি জনাই স্বাস্থ্য বিষয়াগৰাকীয়ে৷ চিৰিঞ্জৰ সহায়লৈ ড্ৰাগছ লোৱাৰ বাবে ড্ৰাগছ আসক্তৰ দেহত এই মাৰাত্মক ৰোগে থিতাপি লোৱা বুলি তেওঁ তাৎপৰ্যপূৰ্ণ ভাৱে উল্লেখ কৰে ৷ বিশেষকৈ তিনিচুকীয়া জিলাৰ একাংশ নিচা মুক্তি কেন্দ্ৰত আশ্ৰয়লৈ থকা ড্ৰাগছ সেৱনকাৰী যুৱকৰ অধিকাংশৰ শৰীৰতে এইচ আই ভি পজিটিভ ধৰা পৰা বুলি জিলা এইডচ নিয়ন্ত্ৰক বিষয়া গৰাকীয়ে উল্লেখ কৰে ৷

এক তথ্য অনুসৰি তিনিচুকীয়া জিলা কাৰাগাৰত কাৰাবৰণ খটা অধিকাংশ ড্ৰাগছ আসক্তৰ দেহতে ইতিমধ্যে চিনাক্ত হৈছে এইছ আই ভি ৷ 18 পৰা 30 বছৰ বয়সৰ যুৱকৰ দেহত এই মাৰাত্মক ৰোগৰ অৱস্থিতি অধিক ধৰা পৰাত ইতিমধ্যে জিলা এইডচ নিয়ন্ত্ৰণ বিভাগে সজাগতামূলক অভিযান আৰম্ভ কৰিছে ৷ অভিভাৱক, শিক্ষক, সাংবাদিক, সামাজিক সংগঠন আদিয়ে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় নিদিলে তিনিচুকীয়া জিলাৰ যুৱ প্ৰজন্মই এক ভয়ংকৰ ভৱিষ্যতৰ সন্মুখীন হ’ব লাগিব বুলিও জিলা এইডচ্‌ নিয়ন্ত্ৰক বিষয়া গৰাকীয়ে জানিবলৈ দিয়াৰ লগতে সকলোকে ৰাইজক সজাগ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Dhubri OC suspended: মহিলাক ৰ্দুব্যৱহাৰ কৰি নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.