ETV Bharat / state

Dhubri OC suspended: মহিলাক ৰ্দুব্যৱহাৰ কৰি নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

author img

By

Published : Jul 5, 2023, 7:13 AM IST

Updated : Jul 5, 2023, 12:56 PM IST

Dhubri OC suspended
মহিলাক দুব্যৱহাৰ কৰি নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

পুনৰ কলংকিত হ'ল অসম আৰক্ষী । এইবাৰ নিলম্বিত হ'ল ধুবুৰী বি এন কলেজ নগৰ আৰক্ষী চকীৰ অস্থায়ী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন্দ্ৰ চন্দ্ৰ বিশ্বাস । আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সুৰামত্ত অৱস্থাত এজাহাৰকাৰী মহিলাক ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ ৷

অভিযোগকাৰী মহিলা

ধুবুৰী, 5 জুলাই: ঘগ্ৰাৰপাৰৰ আৰক্ষী বিষয়াৰ নিৰ্লজ্জ কাণ্ডৰ পাচত এইবাৰ ধুবুৰীৰ এগৰাকী আৰক্ষী বিষয়াই মহিলাৰ দুব্যৱহাৰ কৰি নিলম্বিত হ’বলগীয়া হৈছে । নিলম্বিত আৰক্ষী বিষয়াগৰাকী ধুবুৰী বি এন কলেজ নগৰ আৰক্ষী চকীৰ অস্থায়ী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন্দ্ৰ চন্দ্ৰ বিশ্বাস ৷ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সুৰামত্ত অৱস্থাত এজাহাৰকাৰী মহিলাক ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

প্ৰাপ্ত অভিযোগ অনুসৰি, পশ্চিমবংগৰ জলপাইগুৰি আদালতৰ এগৰাকী ন্যায়াধীশৰ পত্নী তথা উক্ত আদালতত এছ এছ পি পদত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত শনিবাৰে এক এজাহাৰ দাখিল কৰে । মহিলা কৰ্মচাৰীগৰাকীৰ পিতৃগৃহ ধুবুৰী চহৰৰ ঘোষপাৰা অঞ্চলত । মহিলাগৰাকীয়ে কিছু গুৰুত্বপূৰ্ণ নথিপত্ৰ আত্মীয়ই বলপূৰ্বক ৰাখি থোৱাৰ অভিযোগত এই এজাহাৰ দাখিল কৰিছিল ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন্দ্ৰ চন্দ্ৰ বিশ্বাসৰ কথা মতে মঙলবাৰে মহিলাগৰাকীয়ে তেওঁত ফোন কৰে । কিন্তু আৰক্ষী বিষয়া হৰেন্দ্ৰ চন্দ্ৰ বিশ্বাসে সুৰামত্ত অৱস্থাত অশ্লীল ভাষাৰে তেওঁক গালি-গালাজ দিয়াৰ লগতে অভব্য আচৰণ কৰে । আৰক্ষী বিষয়াগৰাকীৰ এই আচৰণৰ পাচত মহিলাগৰাকীয়ে জিলা আৰক্ষী অধীক্ষক নবীন সিঙক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰে ৷

সেই অভিযোগৰ ভিত্তিতেই আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক দীপ্তি মালী ধুবুৰী বি এন কলেজ নগৰ আৰক্ষী চকীত উপস্থিত হয় আৰু তেওঁ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন্দ্ৰ চন্দ্ৰ বিশ্বাসক সুৰামত্ত অৱস্থাত প্ৰত্যক্ষ কৰে । তাৰ পিছতেই তেওঁক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱাত সুৰাপান কৰি থকা বুলি চিকিৎসকৰ ৰিপোৰ্টত প্ৰকাশ পায় । ইয়াৰ পাচতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বাসক চাকৰিৰ পৰা নিলম্বন কৰে জিলা আৰক্ষী অধীক্ষক নবীন সিঙে ।

লগতে পঢ়ক: Ghograpar Police station case: আজি আদালতত হাজিৰ কৰোৱা হ’ব ঘগ্ৰাপাৰ কাণ্ডৰ অভিযুক্ত আৰক্ষী উপ পৰিদৰ্শকক

Last Updated :Jul 5, 2023, 12:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.