ETV Bharat / state

তিনিচুকীয়াত ভকতৰ আশীৰ্বাদ ল'লে ড0 হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Nov 18, 2020, 10:25 PM IST

তিনিচুকীয়াৰ বাৰেকুৰিত উপস্থিত অসম চৰকাৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ ভকত সকলৰ পৰা আশীৰ্বাদ লয় ৷

himanta-biswa-sharma-in-tinsukia-
তিনিচুকীয়াত উপস্থিত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

তিনিচুকীয়া,18নৱেম্বৰ: বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ বাৰেকুৰি ন-মতাপুং গাঁৱৰ শ্ৰী শ্ৰী অষ্টভূজ দেৱ মায়মৰা হাপজান বৰনামঘৰত উপস্থিত হয় মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী গৰাকীয়ে নামঘৰত উপস্থিত হৈ ভকত বৃন্দৰ ওচৰত সেৱা লৈ আশীৰ্বাদ লয় ৷

তিনিচুকীয়াত উপস্থিত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে,বাৰেকুৰি হাপজান নামঘৰত আজিৰে পৰা অনুষ্ঠিত হৈছে বীৰ ৰাঘৱ মৰাণ দিৱস আৰু হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান ৷ মন্ত্ৰী গৰাকীয়ে বীৰ ৰাঘৱ মৰাণ দিৱস আৰু হাপজান বৰনামঘৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে ৷

মন্ত্ৰীগৰাকীয়ে ভূমিপুত্ৰ মৰাণ জনজাতীয় ধৰ্মীয় নীতি-নিয়মেৰে ভক্ত সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি অনন্দিত হৈ পৰা বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে । মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল তিনিচুকীয়া জিলাৰ বিধায়কৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ।

অন্য এক খবৰৰ বাবে: যোৰহাটৰ নীলমণিৰ ব্যতিক্ৰমী ধৰণেৰে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.