ETV Bharat / state

Free screening of Sri Raghupati: তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ শ্ৰী ৰঘুপতিৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা

author img

By

Published : Jun 19, 2023, 9:17 PM IST

তিনিচুকীয়াত স্থানীয় ৩৬ গৰাকী আই-মাতৃক শ্ৰী ৰঘুপতিৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা কৰে প্ৰদেশ কংগ্ৰেছে ৷ শ্ৰী ৰঘুপতিৰ কৰ সম্পূৰ্ণ বিনামূলীয়া কৰাৰ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছে ৷

Free screening of Sri Raghupati in Tinsukia
তিনিচুকীয়াত কংগ্ৰেছৰ শ্ৰী ৰঘুপতিৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা

তিনিচুকীয়াত কংগ্ৰেছৰ শ্ৰী ৰঘুপতিৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা

তিনিচুকীয়া,১৯ জুন: চৌদিশে এতিয়া শ্ৰী ৰঘুপতিৰ জ্বৰ । প্ৰায় পাঁচ বছৰ পাছত অসমীয়া জগতলৈ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ এক অনবদ্য উপহাৰ শ্ৰী ৰঘুপতি । বহু বাধা-বিঘিনি নেওচি ছবিগৃহত সগৌৰৱেৰে চলি আছে শ্ৰী ৰঘুপতি । প্ৰতিটো দৰ্শনীতেই হাউচফুল । অসমীয়া বোলছবি উদ্যোগৰ শেহতীয়া উত্থানে বোলছবি জগতৰ সৈতে জড়িত একাংশ কলা-কুশলীৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।

জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনীত "শ্ৰী ৰঘুপতি" ছবিখনৰ সফলতা এইক্ষেত্ৰত এক যোগাত্মক দিশ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে । সেই হেতুকে সোমবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত তিনিচুকীয়া ব্লক কংগ্ৰেছৰ সহযোগত তিনিচুকীয়া জিলাৰ বিভিন্ন গ্ৰামাঞ্চলৰ অন্তৰ্গত ৩৬ গৰাকী আই-মাতৃক তিনিচুকীয়াৰ ATC Galleria চিনেমা হলত "শ্ৰী ৰঘুপতি"ৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা কৰে ।

এইক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৌচম বৰুৱাই কয় যে, যিসময়ত অসম চৰকাৰে কিছু ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰা বোলছবিৰ কৰ মাফ কৰে বা বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা গ্ৰহণ কৰে তেনেস্থলত আমি চৰকাৰক দাবী জনাওঁ যে চৰকাৰে "শ্ৰী ৰঘুপতি" ছবিখনৰ কৰ সম্পূৰ্ণ ৰূপে মাফ কৰে যেন ।

লগতে কিছুমান সমাজত বিভেদ সৃষ্টিকাৰী তত্বক আহ্বান জনাই যে ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰা ছবি বিনামূলীয়াকৈ দেখুওৱাৰ ব্যৱস্থা কৰাতকৈ অসমীয়া ছবিৰ বিনামূলীয়া টিকট বিতৰণ কৰি অসমীয়া ছবি উদ্যোগটি শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰক । প্ৰদেশ কংগ্ৰেছৰ এই পদক্ষেপ অসম, অসমীয়া আৰু অসমীয়াত্বৰ বাবে ।

এই কাৰ্যসূচীত তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰণৱ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মৌচুম বৰুৱা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় গোহাঁই, তিনিচুকীয়া ব্লক কংগ্ৰেছৰ সভাপতি অৰূপজ্যোতি দাস, উপ-সভাপতি লালন গুপ্তাৰ লগতে ভালেমান জিলা-ব্লক পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে । ইফালে ছবিখন উপভোগ কৰি আপ্লুত হৈ পৰে অঞ্চলটোৰ আই-মাতৃসকল ।

লগতে পঢ়ক: Rabha Diwas in Diphu: ৰাভা দিৱসৰ লগত সংগতি ৰাখি ডিফু জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.