ETV Bharat / state

তিনিচুকীয়াত 'প্ৰাৰ্থনা আঁচনি'ৰ অধীনত সাহাৰ্য বিতৰণ অতুল বৰাৰ

author img

By

Published : Oct 2, 2021, 6:56 PM IST

financial aid to families of covid victims in tinisukia
তিনিচুকীয়াত 'প্ৰাৰ্থনা আঁচনি'ৰ অধীনত সাহাৰ্য বিতৰণ অতুল বৰাৰ

তিনিচুকীয়াত শনিবাৰে উপস্থিত হয় অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ৷ জিলাখনত উপস্থিত হোৱাৰ পাচতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক সভাত অংশগ্ৰহণ কৰে ৷

তিনিচিকীয়া, 2 অক্টোবৰ : গান্ধী জয়ন্তী উপলক্ষে শনিবাৰে তিনিচুকীয়াত উপস্থিত হয় অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ৷ জিলাখনত উপস্থিত হোৱাৰ পাচতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক সভাত অংশগ্ৰহণ কৰে ৷ উক্ত সভাত অংশগ্ৰহণ কৰি জিলাখনৰ ক'ভিড 19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গক চৰকাৰী সাহাৰ্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

কৃষি মন্ত্ৰী গৰাকীয়ে তিনিচুকীয়া জিলাৰ ৬০ টা পৰিয়ালক অসম চৰকাৰৰ 'প্ৰাৰ্থনা আঁচনি'ৰ জৰিয়তে এক লাখ টকাকৈ চেক প্ৰদান কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে এই চেক প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে, জিলাৰ উপায়ুক্তৰ লগতে প্ৰশাসনিক বিষয়া সকলৰ সৈতে এক বৈঠক মিলিত হয় অতুল বৰা ৷

তিনিচুকীয়াত 'প্ৰাৰ্থনা আঁচনি'ৰ অধীনত সাহাৰ্য বিতৰণ অতুল বৰাৰ

লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত নলবাৰীত গান্ধী জয়ন্তী উদযাপন

উক্ত বৈঠকত চৰকাৰী আঁচনি সমূহ সফল ৰূপায়ন হৈছে নে নাই সেই বিষয়ত প্ৰশাসনিক বিষয়াৰে মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷ বৈঠকত জিলাখনৰ ক'ভিড পৰিস্থিতিও পৰ্যালোচনা কৰা হয় বুলি সদৰী কৰিছে অতুল বৰাই ৷

ইফালে, শ্বেৰমান আলীয়ে শ্বহীদক লৈ কৰা মন্তব্যক গৰিহনা দিয়ে কৃষি মন্ত্ৰী গৰাকীয়ে ৷ অতুল বৰাই কয়, কিছুমান অপশক্তিৰ পৰা আঁতৰি থকা উচিত ৷ শ্বেৰমান আলী এটা ৰাষ্ট্ৰীয় দল নেতা ৷ গতিকে, শ্বেৰমান আলীয়ে কৰা মন্তব্য শ্বেৰমান আলীৰ হৈ থকা নাই ৷ এই মন্তব্য কংগ্ৰেছৰ বুলি কয় অতুল বৰাই ৷

উপ-নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ কয়, নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া কোনো এটা সমষ্টিক অগপই প্ৰাৰ্থী নিদিয়ে ৷ যিহেতু বিজেপিৰ সৈতে মিত্ৰতাত আছে , তেনে ক্ষেত্ৰত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি কয় অগপৰ সভাপতি অতুল বৰাই ৷

লগতে পঢ়ক: মহানগৰীৰ গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.