ETV Bharat / state

প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত নলবাৰীত গান্ধী জয়ন্তী উদযাপন

author img

By

Published : Oct 2, 2021, 5:47 PM IST

নলবাৰীত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় গান্ধী জয়ন্তী । অনুষ্ঠানত ভাগ লৈ ভূপেন বৰাই কয়, মহাত্মা গান্ধীয়ে সম্প্ৰীতিৰ বাণী বিলাইছিল । অনুষ্ঠানটোত ভাগ লোৱাৰ পাছত সাংবাদিকৰে হোৱা বাৰ্তালাপত উপ-নিৰ্বাচনৰ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই ৷

Gandhi Jayanti
প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত নলবাৰীত গান্ধী জয়ন্তী উদযাপন

নলবাৰী, 2 অক্টোবৰ : নলবাৰীত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় গান্ধী জয়ন্তী । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় গান্ধী জয়ন্তী ।

নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সহযোগত অনুষ্ঠিত গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশ লৈ এ পি চি চিৰ সভাপতি ভূপেন বৰাই কয়, মহাত্মা গান্ধীয়ে সম্প্ৰীতিৰ বাণী বিলাইছিল । গান্ধীৰ ত্যাগৰ বাবেই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে ৷

উল্লেখ্য যে, গান্ধী জয়ন্তীৰ উপলক্ষে আয়োজিত উক্ত অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পূৰকায়স্থ, বিধায়ক দিগন্ত বৰ্মনৰ লগতে কেবাজনো শীৰ্ষ নেতা উপস্থিত থাকে ।

প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত নলবাৰীত গান্ধী জয়ন্তী উদযাপন

লগতে পঢ়ক: দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

সাংবাদিকৰ আগত উপ-নিৰ্বাচনৰ সন্দৰ্ভত ভূপেন বৰাই কয়, দেওবাৰে প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিব উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ৷ দুটা সমষ্টি এজেপি আৰু ৰাইজৰ দলক এৰি দিছে কংগ্ৰেছে ৷ থাওৰা আৰু মৰিয়নী সমষ্টিত কংগ্ৰেছে যে প্ৰাৰ্থী দিব সেই কথাও স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

ইফালে, ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দিব কংগ্ৰেছে ৷ যদিহে কংগ্ৰেছৰ প্ৰস্তাৱ ৰাইজৰ দলে গ্ৰহণ নকৰে তেন্তে ভৱানীপুৰতো কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ কথা স্পষ্ট কৰি দিছে ভূপেন বৰাই ৷

বিতৰ্কিত শ্বেৰমান আলী আহমেদ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ শ্বেৰমান আলী আহমেদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট । মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই নিজৰ কমিটমেন্ট ৰক্ষা কৰক । শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰীক সাহস দেখুৱালৈ আহ্বান জনাই ভূপেন বৰাই ৷

লগতে পঢ়ক: গান্ধী জয়ন্তীৰ পুৱাতে ৰাজহুৱা পুখুৰী চাফা কৰিলে বজালীৰ উপায়ুক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.