ETV Bharat / state

Protest in Tinsukia: তিনিচুকীয়াত APDCL ৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 5:06 PM IST

Congress protest against APDCL in Tinsukia
তিনিচুকীয়াত APDCL ৰ বিৰুদ্ধে প্ৰতিবাদ

বিদ্য়ুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত । বিৰোধী দল কংগ্ৰেছেও বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । অন্যান্য প্ৰান্তৰ লগতে তিনিচুকীয়াতো জিলা কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ।

তিনিচুকীয়াত APDCL ৰ বিৰুদ্ধে প্ৰতিবাদ

তিনিচুকীয়া,৫ অক্টোবৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক । ইয়াৰ মাজতে ভূতৰ ওপৰত দানৱ পৰাদি বৰ্দ্ধিত বিদ্যুতৰ মাচুলে ৰামটাঙোন শোধাইছে ৰাজ্যৰ জনতাৰ মূৰত । বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল-সংগঠন । প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছেও ।

বৃহস্পতিবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বৃহস্পতিবাৰে APDCLৰ মাকুম পথত অৱস্থিত তিনিচুকীয়া সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ বিদ্যুৎ বিভাগে সাধাৰণ জনতাৰ ওপৰত অধিক বিদ্যুত মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত APDCL ৰ মহা-প্ৰৱন্ধকে প্ৰকাশ কৰা চাৰ্কুলাৰ দাহ কৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে ৷ প্ৰতিবাদৰ সময়চোৱাত কংগ্ৰেছৰ সদস্যসকলে বিজেপি হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিদ্যুতৰ মাচুল হ্ৰাস কৰক, জনসাধাৰণৰ মূৰত ৰাম টাঙোন মৰা বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে দাহ কৰাৰ সময়ত আৰক্ষীৰ সৈতে হতাহতিৰ দৰে পৰিৱেশৰ সৃষ্টি হয় ৷

পৰৱৰ্তী সময়ত তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে আজি পৰ্যন্ত বিদ্যালয়ৰ ছাত্ৰছাত্ৰীক ইউনিফৰ্ম দিয়াত ব্যৰ্থ হোৱা বুলি সৰৱ হৈ পৰে ৷ লগতে অতিশীঘ্ৰে বিদ্যুতৰ মাচুল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Congress protest against BJP Govt : বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.